
বিশ্বনাথ, ৩১ মাৰ্চ (হি.স.)। কাইলে বিশ্বনাথ জিলাত উপস্থিত হব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তিনিটাকৈ বিধান সভা সমষ্টি ক্ৰমে বিশ্বনাথ,বিহালী আৰু গহপুৰ বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
ইতিমধ্যে বিহালীৰ কুলাগুৰি পথাৰত এই প্ৰচাৰ সভাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৭০ হাজাৰ ৰাইজ উপস্থিত থকাৰ আশা আছে বুলি জানিবলৈ দিছে বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ যথেষ্ট আশাবাদী বিজেপি নেতা কৰ্মী সকল৷ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলা হৈছে বিশ্বনাথ জিলাত৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা