
বৰপেটা, ৩১ মাৰ্চ (হি.স.)। বৰপেটাৰ পাকাবেতবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা |
মাজগাও, শুকমানাহ আৰু উত্তৰ হাউলী মাথো তিনিখন গাঁও পঞ্চায়ত সামৰি অনুস্থিত নিৰ্বাচনী প্ৰচাৰ সভা খনত অঞ্চলটোৰ সৰ্বস্তৰৰ বিপুল সংখ্যক লোকে অংশগ্ৰহন কৰে |
পূৰ্বে ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো এইবেলি পাকাবেতবাৰী সমষ্টিত অন্তৰ্ভূক্ত হৈছে | জাকিৰ হুছেইন শিকদাৰৰ বাবে নতুন এই অঞ্চলটোৰ ৰাইজৰ পৰা বিপুল সহাৰি লাভ কৰিছে বুলি কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে প্ৰকাশ কৰে | জাকিৰ হুছেইনে ভাষণ প্ৰসংগত কংগ্ৰেছৰ মুল পাঁচটা গেৰান্টিৰ লগতে চৰকাৰ গঠনৰ ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে |
সভাত কংগ্ৰেছ নেতা পৃত্থিৰীজ প্ৰভাকৰ সাথে উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা