(আপডেট) বিজেপিৰ সংকল্প পত্ৰৰ উন্মোচন কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ
–জাতি, মাটি, ভেটি ৰক্ষাৰ উদ্দেশ্যেৰে অসমবাসীলৈ ৰাজ্যিক বিজেপিৰ ৩১ টা প্রতিশ্রুতি –২ লাখ চাৰকাৰী চাকৰি, ১০ লাখ যুৱক-যুৱতীলৈ মুখ্যমন্ত্রী উদ্যমিতা অভিযান আঁচনিৰ ধন, অতিৰিক্ত ১৫ লাখ মহিলাক সামৰি ৩ হাজাৰ টকাকৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ প্রতিশ্রুতি ৰাজ
বিজেপিৰ সংকল্প পত্ৰৰ উন্মোচন কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে


–জাতি, মাটি, ভেটি ৰক্ষাৰ উদ্দেশ্যেৰে অসমবাসীলৈ ৰাজ্যিক বিজেপিৰ ৩১ টা প্রতিশ্রুতি

–২ লাখ চাৰকাৰী চাকৰি, ১০ লাখ যুৱক-যুৱতীলৈ মুখ্যমন্ত্রী উদ্যমিতা অভিযান আঁচনিৰ ধন, অতিৰিক্ত ১৫ লাখ মহিলাক সামৰি ৩ হাজাৰ টকাকৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ প্রতিশ্রুতি ৰাজ্যিক বিজেপিৰ

গুৱাহাটী, ৩১ মার্চ (হি.স.)। আজি গুৱাহাটী বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত এক গাম্ভীর্য্যপূর্ণ অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল তথা বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা সাংসদ বৈজয়ন্তা জয় পাণ্ডা, কেবিনেট মন্ত্রী ডাঃ ৰণোজ পেণ্ড আৰু ৰনজিৎ কুমাৰ দাসৰ উপস্থিতিত আজি ভাৰতীয় জনতা পার্টিৰ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে সংকল্প পত্র” মুকলি কৰা হয়।

এই সংকল্প পত্ৰৰ জৰিয়তে ৰাজ্যিক বিজেপিয়ে ৩১টাকৈ গুৰুত্বপূর্ণ প্রতিশ্রুতি প্রদান কৰাৰ লগতে মূলতঃ খিলঞ্জীয়াৰ অধিকাৰ, শান্তি আৰু সুৰক্ষা, যুৱ শক্তিৰ বিকাশ, নাৰী কল্যাণ, আন্তঃগাঁথনি, শিক্ষা, কৃষি, বান নিয়ন্ত্রণ, স্বাস্থ্যসেৱা আৰু সাংস্কৃতিক সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সংকল্প পত্র উন্মোচনী অনুষ্ঠানত নির্মলা সীতাৰামনে উল্লেখ কৰে যে বিগত ১০ বছৰত বিজেপিয়ে অসমত বৃহৎ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে, যাৰ ফলত কেৱল অসম নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক বিকাশ সম্ভৱ হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বিজেপিৰ ইস্তাহাৰে অসমৰ খিলঞ্জীয়া লোকৰ ভূমি, ঐতিহ্য আৰু মৰ্যাদা সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিজেপিয়ে ১৯৫০ চনৰ 'বিদেশী বহিষ্কাৰ আইন' কাৰ্যকৰী কৰি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বহিষ্কাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে অবৈধ বেদখলকৃত ভূমি পুনৰুদ্ধাৰৰ প্রতিশ্রুতি দিছে। লগতে 'মিছন বসুন্ধৰা' আঁচনিৰ অধীনত সকলো খিলঞ্জীয়া নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান আৰু অসমৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্রতিষ্ঠানসমূহ সুৰক্ষা আৰু সংৰক্ষণ কৰাৰ প্ৰতিশ্রুতি প্রদান কৰিছে। ইস্তাহাৰত ষষ্ঠ অনুসূচী এলেকা আৰু জনজাতীয় অঞ্চলসমূহক বাদ দি উমৈহতীয়া দেৱানী বিধি (Uniform Civil Code) প্রৱৰ্তনৰ কথাও উল্লেখ কৰা হৈছে। লগতে ৰাজ্যিক বিজেপিয়ে লাভ জিহাদ” আৰু “লেণ্ড জিহাদ” সমস্যা মোকাবিলাৰ বাবে আইন প্রণয়নৰ প্রতিশ্রুতি দিয়া হৈছে।

অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ বিজেপিয়ে অসমক ভাৰতৰ পূৰ্বাঞ্চলৰ মুখ্যদ্বাৰ হিচাপে গঢ়ি তুলিবলৈ 'অসম গতি শক্তিৰ মাষ্টাৰ প্লান'ৰ অধীনত ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতি দিছে। ইয়াত পথ, ৰে'ল, জলপথ আৰু বিমান পৰিবহণত বৃহৎ উন্নয়নৰ পৰিকল্পনা অন্তর্ভুক্ত আছে। 'অসম নগৰ উন্নয়ন অভিযান'ৰ অধীনত বহণক্ষম ছেটেলাইট টাউনশ্বিপ, উদ্যোগিক নগৰ, লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত বিশ্বমানৰ এৰ'চিটি আৰু শিলচৰত গ্ৰীণফিল্ড ডুলু বিমানবন্দৰ স্থাপনৰ কথাও উল্লেখ কৰিছে।

দলৰ ৰাজ্যিক মুখপাত্র মিতা নাথ বৰাই কয় যে বিজেপিয়ে যুৱ আৰু নাৰীৰ উন্নয়নৰ প্ৰতি প্রতিশ্রুতিবদ্ধ। 'সংকল্প পত্ৰ'ত অহা পাঁচ বছৰত ২ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্রতিশ্রুতি প্ৰদান কৰাৰ লগতে 'মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযান'ৰ অধীনত যুৱকসকলক ৫ লাখ টকা পর্যন্ত আর্থিক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে স্কুলীয়া শিক্ষাৰ পৰা স্নাতকোত্তৰ শ্ৰেণী পর্যন্ত বিনামূলীয়া কৰাৰ লগতে 'নিযুত মইনা' আৰু 'নিজুত বাবু' আঁচনি অব্যাহত ৰাখাৰ কথাও উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও ৮,০০০ কোটি টকাৰ বিনিয়োগেৰে ১,০০০ খন মাধ্যমিক বিদ্যালয় উন্নত কৰিবলৈ 'চিএম মডেল স্কুল' আৰম্ভ কৰা হ'ব। আগন্তুক পাঁচ বছৰত ৭০,০০০ ৰো অধিক শিক্ষক নিযুক্তি আৰু 'এক জিলা, এক বিশ্ববিদ্যালয়', 'এক জিলা, এক মেডিকেল কলেজ', 'এক জিলা, এক ইঞ্জিনিয়াৰিং কলেজ' আৰম্ভ কৰাৰো প্রতিশ্রুতি প্রদান কৰে।

নাৰী সৱলীকৰণৰ ক্ষেত্ৰতো সংকল্প পত্রখনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 'অৰুণোদয়' আঁচনিৰ অধীনত বৰ্তমান প্রচলিত মাহিলী ভাট্টা ৩,০০০ টকা লৈ বৃদ্ধি কৰাৰ লগতে নতুনকৈ ১৫ লাখ পৰিয়ালক এই আঁচনিৰ আওতালৈ অনাৰ কথা উল্লেখ কৰে। 'মুখ্যমন্ত্রী মহিলা উদ্যোগিতা অভিযান'ৰ পৰিসৰ বৃদ্ধি কৰি ৪০ লাখ 'লাখপতি বাইদেউ' সৃষ্টি কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। লগতে প্রতিটো জিলাৰ মুখ্য কাৰ্যালয়ত মহিলা পৰিচালিত আই আৰ পাৰ্ক স্থাপন কৰি সুলভ মূল্যত পুষ্টিকৰ খাদ্য প্রদান কৰাৰ কথা উল্লেখ কৰে।

সংস্কৃতি আৰু ঐতিহ্যৰ ক্ষেত্ৰত বিজেপিয়ে ২০২৭ চনৰ ভিতৰত গুৱাহাটীত 'আহোম ঐতিহ্য সংগ্রহালয়' কমপ্লেক্স স্থাপনৰ প্রতিশ্রুতি দিয়ে, য'ত 'বৃন্দাৱনী বস্তু'সহ অসমৰ ঐতিহ্য সংৰক্ষণ কৰা হ'ব। লগতে খিলঞ্জীয়া ভাষাসমূহ শক্তিশালী কৰা, বিদ্যালয়ৰ পাঠ্যসূচীত অসমৰ ঐতিহাসিক বীৰসকলক অন্তর্ভুক্ত কৰা, অসম ওটিটি (OTT) প্লেটফৰ্ম আৰম্ভ কৰা আৰু নিয়মীয়াকৈ 'অসম সংস্কৃতি মহাসংগ্রাম' আয়োজন কৰাৰ কথাও উল্লেখ কৰা হৈছে।

কৃষকসকলৰ বাবে বিজেপিয়ে ৰাজ্য আৰু কেন্দ্রীয় আঁচনি সহযোগত ক্ষুদ্ৰ আৰু সীমান্ত অঞ্চলৰ কৃষকসকলক বছৰি ১১,০০০ টকাৰ আৰ্থিক সহায়ৰ প্রতিশ্রুতি প্রদান কৰে। লগতে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, দুগ্ধ উদ্যোগ, মৎস্য পালন আৰু 'অসম কৃষি উন্নয়ন অভিযান'ৰ অধীনত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে বৃহৎ বিনিয়োগৰ কথাও সদৰী কৰে। দৰিদ্ৰ পৰিয়ালৰ বাবে সুলভ মূল্যত চাউল, মছুৰ দাইল, চিনি, নিমখ আৰু সৰিয়হ তেল প্রদান কৰাৰ লগতে অতি দৰিদ্ৰসকলক বিনামূলীয়া খাদ্য সামগ্রী বিতৰণৰ ব্যৱস্থা অব্যাহত ৰখা হ'ব বুলি উল্লেখ কৰে। আগন্তুক পাঁচ বছৰত বান নিয়ন্ত্রণ অন্যতম প্রধান অগ্রাধিকাৰ হিচাপে লক্ষ্য ধাৰ্য্য কৰা হৈছে। 'বানমুক্ত অসম অভিযান'ৰ অধীনত ১৮,০০০ কোটি টকাৰ বিনিয়োগেৰে অসমক বানমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে নদী পুনৰুজ্জীবন, গৰাখহণীয়া নিয়ন্ত্রণ, ৰাষ্ট্ৰীয় জলপথ-২ৰ উন্নীতকৰণ আদিৰ পৰ্যবেক্ষণৰ বাবে 'বান নিৰীক্ষক বাহিনী'ক অন্তর্ভুক্ত কৰাৰ কথা ঘোষণা কৰে।

কোঁচ ৰাজবংশী, তিৱা, চুতিয়া, মৰাণ, মটক আৰু আদিবাসী সমাজক অনুসূচিত জনজাতি মর্যাদা প্ৰদানৰ প্ৰচেষ্টা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়াৰ লগতে বৰ্তমানৰ অনুসূচিত জনজাতিৰ অধিকাৰ সুৰক্ষিত ৰখাৰ কথা প্রকাশ কৰে। মিছিং, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, তিৱা আৰু বড়ো কছাৰী সমাজৰ স্বায়ত্তশাসিত পৰিষদসমূহক সাংবিধানিক মর্যাদা প্রদান কৰাৰ কথাও উল্লেখ কৰে। 'বন অধিকাৰ আইন, ২০০৬' সম্পূৰ্ণ ৰূপে কার্যকৰী কৰি জনজাতীয় আৰু খিলঞ্জীয়া লোকৰ ভূমিৰ সুৰক্ষা নিশ্চিত কৰাৰ প্রতিশ্রুতি দিয়ে। চাহ জনগোষ্ঠীৰ বাবে ভূমি পট্টা, মজুৰি ৫০০ টকা পর্যন্ত বৃদ্ধি আৰু কল্যাণমূলক ব্যৱস্থা গ্রহণ কৰাৰো প্রতিশ্রুতি দিয়ে।

'প্রধানমন্ত্রী আবাস যোজনা'ৰ অধীনত নতুনকৈ ১৫ লাখ ঘৰ নিৰ্মাণ কৰি প্ৰতিটো পৰিয়ালক পকী ঘৰ নিৰ্মাণ কৰাৰ লগতে অন্যান্য মৌলিক সুবিধা প্রদান কৰাৰ কথাও বিজেপিয়ে সংকল্প পত্রত প্রকাশ কৰে।

মুখপাত্র বৰাই কয় যে এই সংকল্প পত্ৰখনে ২০৩৬ চনৰ ভিতৰত অসমৰ অর্থনীতি প্রায় ১৫০ বিলিয়ন ডলাৰৰ পৰা ৩০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হ'ব। স্বাস্থ্য খণ্ডত 'অসম স্বাস্থ্য উৎকর্ষ অভিযান'ৰ অধীনত ৫০,০০০ কোটি টকাৰ আন্তঃগাঁথনি গঠন কৰি অসমক এক গুৰুত্বপূর্ণ স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে গঢ়ি তুলাৰ লক্ষ্যও হাতত লোৱা বুলি ৰাজ্যিক বিজেপিয়ে সদৰী কৰে। এই 'সংকল্প পত্ৰ'ৰ জৰিয়তে বিজেপিয়ে আগন্তুক পাঁচ বছৰত এক শক্তিশালী, আত্মনিৰ্ভৰ, সমৃদ্ধ আৰু সাংস্কৃতিকভাৱে গৌৰৱান্বিত এখন আধুনিক অসম গঢ়াৰ নতুন দৃষ্টিভংগী আগবঢ়াইছে বুলি মুখপাত্ৰগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande