
ভূপাল, ০৩ মাৰ্চ (হি.স.)। মধ্য প্ৰদেশ চৰকাৰে হিন্দী ছবি ‘শতক’ক ৰাজ্যত কৰমুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে কয় যে ছবিখনে ৰাষ্ট্ৰীয় সেৱা আৰু মূল্যবোধৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।
মুখ্যমন্ত্ৰীয়ে নিজৰ পোষ্টত লিখিছে যে সমগ্ৰ মধ্যপ্ৰদেশতে ‘শতক’ ছবিখনক কৰমুক্ত কৰা হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দশক দশক ধৰি প্ৰচাৰ কৰি অহা জাতীয় সেৱা আৰু সাংস্কৃতিক পৰম্পৰাক ছবিখনে ফলপ্ৰসূভাৱে উপস্থাপন কৰিছে। ঐক্যবদ্ধ চিন্তা, চৰিত্ৰ, সেৱাৰ মনোভাৱৰ দ্বাৰাহে শক্তিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়ি তোলা সম্ভৱ বুলি এই বাৰ্তা প্ৰেৰণ কৰিছে ছবিখনে।
উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰীত সমগ্ৰ দেশৰ চিনেমাগৃহত মুক্তি লাভ কৰা ‘শতক’ ছবিখনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰীয়া যাত্ৰাক চিত্ৰিত কৰা হৈছে। ১৯২৫ চনত নাগপুৰত ড০ কেশৱ বলিৰাম হেডগেৱাৰে আৰ এছ এছ প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ হোৱা কাহিনীটোত ক্ষুদ্ৰ গোট হিচাপে আৰম্ভ হোৱা সংগঠনটো আজি কেনেকৈ এক বৃহৎ সত্তালৈ গঢ় লৈ উঠিছে তাৰ চিত্ৰণ কৰা হৈছে।
ছবিখনত আৰ এছ এছৰ প্ৰতিষ্ঠাপক ড° হেডগেৱাৰ আৰু তেওঁৰ উত্তৰাধিকাৰী মাধৱ সদাশিৱ গোলৱালকাৰ (গুৰুজী)ৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত আলোকপাত কৰা হৈছে। স্বাধীনতা সংগ্ৰাম, বিভাজন যুগ, দাদৰা আৰু নগৰ হাভেলীৰ মুক্তি, কাশ্মীৰ বিষয়ত আৰ এছ এছৰ ভূমিকা, ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাত সংগঠনটোৰ সংগ্ৰাম আদিও ইয়াত চিত্ৰিত কৰা হৈছে।
ছবিখনৰ এটা সুকীয়া বৈশিষ্ট্য হ’ল ইয়াত এআই (Artificial Intelligence) আৰু উন্নত গ্ৰাফিক্স ব্যৱহাৰ কৰি বীৰ সাৱৰকাৰ, মহাত্মা গান্ধী, চৰ্দাৰ পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে ঐতিহাসিক ব্যক্তিক পৰ্দাত জীৱন্ত কৰি তোলা হৈছে।
আশীষ মলৰ পৰিচালনা আৰু প্ৰযোজক বীৰ কাপুৰ। অভিনেতা অজয় দেৱগনে কাহিনীটোৰ বাবে নিজৰ কণ্ঠ ধাৰলৈ দিছে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক ৰাজ্যত বহুলভাৱে আদৰণি জনোৱা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া