
নতুন দিল্লী, ২৮ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বাবে অহৰহ পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে বিগত ব্যৱসায়িক সপ্তাহত যথেষ্ট উঠা-নমা দেখা পোৱাৰ পিছত একেৰাহে পঞ্চম সপ্তাহৰ বাবে লোকচানৰ সৈতে বন্ধ হৈ পৰে ঘৰুৱা শ্বেয়াৰ বজাৰ। ৰাম নৱমীৰ বন্ধৰ বাবে চাৰিদিনীয়া ব্যৱসায়িক সপ্তাহৰ প্ৰথম আৰু শেষৰ ব্যৱসায়িক দিনত শ্বেয়াৰ বজাৰ যথেষ্ট লোকচানৰ সৈতে বন্ধ হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় ব্যৱসায়িক দিনত প্ৰৱল লাভ দেখা যায়। শুকুৰবাৰে ব্যৱসায়িক সপ্তাহ শেষ হোৱাৰ পিছত বিএছই চেন্সেক্সৰ মূল্য ৭৩,৫৮৩.২২ পইণ্টত বন্ধ হয়, যিটো সাপ্তাহিক ভিত্তিত ৯৪৯.৭৪ পইণ্ট বা ১.২৭ শতাংশ হ্ৰাস পায়। একেদৰে এন এছ ই নিফটিয়ে ২২,৮১৯.৬০ পইণ্টত সপ্তাহটোৰ অন্ত পেলাইছে, যিটো সাপ্তাহিক ভিত্তিত ২৯৪.৯০ পইণ্ট বা ১.২৭ শতাংশ হ্ৰাস পাইছে।
উল্লেখ্য যে ২৭ মাৰ্চত সমাপ্ত হোৱা ব্যৱসায়িক সপ্তাহটোৰ বাবে বিএছই লাৰ্জকেপ সূচকাংক সাপ্তাহিক ভিত্তিত ২.৭৯ শতাংশ হ্ৰাস পাইছে। সূচীত অন্তৰ্ভুক্ত কোম্পানীসমূহৰ ভিতৰত টেক মহিন্দ্ৰা, এপ’ল’ হস্পিতালছ, আৰু জাইডাছ লাইফ চাইন্সেছৰ শ্বেয়াৰ শীৰ্ষ লাভৰ ভিতৰত অন্যতম। ইফালে, চুইগি, এইচডিএফচি বেংক, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, আদানী এণ্টাৰপ্ৰাইজ, হিন্দুস্তান জিংক লিমিটেড, ইণ্ডাছ টাৱাৰ্ছ, টাটা কেপিটেল, আৰু গেইল (ইণ্ডিয়া) লিমিটেডৰ দৰে কোম্পানীসমূহৰ শ্বেয়াৰ শীৰ্ষ লোকচানৰ ভিতৰত আছিল।
একেদৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়ৰ পিছত সাপ্তাহিক ভিত্তিত ১.৩ শতাংশ হ্ৰাস পাই বন্ধ হয় বিএছই মিডকেপ সূচকাংক। গ্লেণ্ড ফাৰ্মা, কফৰ্জ, বিশাল মেগা মাৰ্ট, প্ৰিমিয়াৰ এনাৰ্জিজ, অৰেকল ফাইনেন্সিয়েল চাৰ্ভিচেছ চফট্ ৱেৰ, এল আই চি হাউছিং ফাইনেন্স আৰু পাৰ্চিষ্টেণ্ট চিষ্টেমছৰ শ্বেয়াৰ শীৰ্ষ লাভকাৰীৰ ভিতৰত আছিল। আনহাতে, ভাৰত ডাইনেমিক্স, বাজাজ হাউছিং ফাইনেন্স, গুজৰাট গেছ, নিউ ইণ্ডিয়া এশ্বুৰেন্স কোম্পানী, গোড্ৰেজ ইণ্ডাষ্ট্ৰীজ, এন টি পি চি গ্ৰীণ এনাৰ্জী, এস্কৰ্টছ কুবোটা, টৰেণ্ট পাৱাৰ, কোচিন শ্বিপয়াৰ্ড, আৰু ৩৬০ ৱান ৱাম আদি শীৰ্ষ লোকচান ভৰা কোম্পানীৰ ভিতৰত আছিল।
বিগত সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত বিএছই স্মলকেপ সূচকাংকতো সাপ্তাহিক ভিত্তিত হ্ৰাস পাইছে। সাপ্তাহিক ভিত্তিত স্মলকেপ সূচকাংক ১.০১ শতাংশ হ্ৰাস পাইছে। সূচকাংকটোৰ অন্যান্য ষ্টকসমূহ, এম্বেচি ডেভেলপমেণ্টছ, ব্ৰেইন ছিড ছলিউচনছ, জয়প্ৰকাশ পাৱাৰ ভেঞ্চাৰছ, পিটিচি ইণ্ডাষ্ট্ৰীজ, গাৰ্ডনেৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ, চেন্নাই পেট্ৰলিয়াম কৰ্প’ৰেশ্যন, ফিনোলেক্স ইণ্ডাষ্ট্ৰীজ, আৰএইচআই মেগনেচিটা ইণ্ডিয়া, ৰিলেক্সো ফুটৱেয়াৰ্ছ, বম্বে বাৰ্মাহ ট্ৰেডিং কৰ্প’ৰেশ্যন, কিৰলোস্কাৰ ব্ৰাদাৰ্ছ আৰু ফিনোলেক্স কেবলছক আদিয়ে সাপ্তাহিক ভিত্তিত ৮ৰ পৰা ১৩ শতাংশলৈ লোকচানৰ সৈতে বন্ধ হৈ পৰে ।
আনহাতে, এমকিউৰ ফাৰ্মাচিউটিকেলছ, এইচ ই জি, এফ্লে ৩১, একমে ছ’লাৰ হোল্ডিংছ, আপাৰ ইণ্ডাষ্ট্ৰীজ, ফাইভ ষ্টাৰ বিজনেছ ফাইনেন্স, ছামান কেপিটেল আৰু ব্ৰিগেড এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰত সাপ্তাহিক ভিত্তিত ৭%ৰ পৰা ১৫%লৈকে লাভ পঞ্জীয়ন কৰা হৈছে।
বিগত সপ্তাহৰ ব্যৱসায়ত আই টিৰ বাহিৰে সকলো খণ্ডৰ সূচকাংক ৰঙা সূচকৰে বন্ধ হৈ পৰে। সাপ্তাহিক ভিত্তিত ৪% হ্ৰাস পাই নিফ্টি ডিফেন্স সূচকাংক বন্ধ হয়। একেদৰে পি এছ ইউ বেংক সূচকাংকতো সাপ্তাহিক ভিত্তিত ৪% হ্ৰাস পাইছে। নিফ্টি ৰিয়েলটি সূচকাংক সাপ্তাহিক ভিত্তিত ৩.৭% হ্ৰাসৰ সৈতে বন্ধ হয়, আনহাতে কনজিউমাৰ ডুৰেবলছ সূচকাংক সাপ্তাহিক ভিত্তিত ২.৪% হ্ৰাসৰ সৈতে বন্ধ হয়, আৰু মেটাল সূচকাংক সাপ্তাহিক ভিত্তিত ২% হ্ৰাসৰ সৈতে বন্ধ হয়।
ইফালে ২৩ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে ব্যৱসায়িক সপ্তাহত একেৰাহে ষষ্ঠ সপ্তাহৰ বাবে বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এফ আই আই) নেট বিক্ৰেতা হৈয়েই থাকে। এই সপ্তাহৰ চাৰিটা ব্যৱসায়িক দিনত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ষ্টক মাৰ্কেটত মুঠ ২৪,৫৯৬.৪৬ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰে। বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে বিক্ৰী কৰাৰ বাবে শ্বেয়াৰ বজাৰত চাপ কমোৱাৰ বাবে এই সপ্তাহত ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ক্ৰয়ৰ ধাৰা অব্যাহত ৰাখিছে। এই চাৰিদিনীয়া ব্যৱসায়িক সপ্তাহত ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে মুঠ ২৬,৮৯৭.০৫ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ