পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাব পাৰে
নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। পেট্ৰ’লৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ ₹ হ্ৰাস কৰা হৈছে। এই হ্ৰাসৰ পিছত পেট্ৰ’লৰ ওপৰত থকা
प्रतीकात्मक


নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। পেট্ৰ’লৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ ₹ হ্ৰাস কৰা হৈছে। এই হ্ৰাসৰ পিছত পেট্ৰ’লৰ ওপৰত থকা বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১৩ ₹ৰ পৰা প্ৰতি লিটাৰ ৩₹লৈ হ্ৰাস কৰা হৈছে। একেদৰে ডিজেলৰ ওপৰত থকা বিশেষ অতিৰিক্ত আবকাৰী শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে। পূৰ্বে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০ ₹। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে গ্ৰাহকক সকাহ দিব বুলি আশা কৰা হৈছে।

পশ্চিম এছিয়াত চলি থকা যুদ্ধই বিশ্বজুৰি খাৰুৱা তেল আৰু গেছৰ যোগানত বিৰূপ প্ৰভাৱ পেলাইছে। হৰমুজ জলদ্বীপৰ মাজেৰে খাৰুৱা তেলৰ যোগান কাৰ্যতঃ বন্ধ হৈ পৰিছে। ইয়াৰ ফলত চাহিদাৰ তুলনাত যোগান যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত খাৰুৱা তেলৰ মূল্য আৰু অধিক বৃদ্ধি পাইছে। এই যুদ্ধৰ সময়ত উপসাগৰীয় কেইবাখনো দেশৰ ওপৰত হোৱা আক্ৰমণে খাৰুৱা তেলৰ যোগানতো ভয়াৱহ প্ৰভাৱ পেলাইছে।

খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে তেল বিপণন কোম্পানী (ওএমচি)ৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। মাত্ৰ কিছুদিন পূৰ্বে চৰকাৰী তেল বিপণন কোম্পানীসমূহে প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত দুটকাতকৈ অধিক বৃদ্ধি কৰিছিল। বাল্ক (ঔদ্যোগিক) ডিজেলৰ মূল্যও বৃদ্ধি কৰা হ’ল। এই বৃদ্ধিৰ পিছত দিল্লীত প্ৰিমিয়াম ৯৫ অক্টেন পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৯.৮৯ টকাৰ পৰা ১০১.৮৯ টকালৈ বৃদ্ধি পালে । , আনহাতে বাল্ক (ঔদ্যোগিক) ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৭.৬৭ টকাৰ পৰা ১০৯.৫৯ টকালৈ বৃ্দ্ধি পায়

একেদৰে ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ ইন্ধন খুচুৰা বিক্ৰেতা নায়াৰা এনাৰ্জীয়ে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৫ টকাকৈ আৰু ডিজেলত প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি কৰে। এই বৃদ্ধিৰ পিছতে বিভিন্ন ৰাজ্যৰ নায়াৰা এনাৰ্জীৰ ৬,৯৬৭টা পেট্ৰ’ল পাম্পত ৰাজ্য চৰকাৰে আৰোপ কৰা মূল্য সংযোজিত কৰ (ভেট) আৰু অন্যান্য ৰাজ্যিক কৰসমূহৰ বাবে নায়াৰা এনাৰ্জী পেট্ৰ’লৰ মূল্য ৫.৩০ ₹ পৰ্যন্ত বৃদ্ধি পায়।

ভাৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা প্ৰয়োজনীয় খাৰুৱা তেল ৮৫ শতাংশতকৈ অধিক আমদানি কৰে। এই আমদানিৰ এটা উল্লেখযোগ্য অংশ হৰমুজ জলদ্বীপৰ মাজেৰে আহে। আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰাৰ পিছৰে পৰা ইৰাণে এই গুৰুত্বপূৰ্ণ সাগৰীয় পথটো বন্ধ কৰি ৰাখিছে, যাৰ ফলত মালবাহী জাহাজ আৰু তেল টেংকাৰৰ চলাচল বন্ধ হৈ পৰিছে।

যদিও ইৰাণে শত্ৰু দেশৰ জাহাজক এই পথেৰে পাৰ হ’বলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছে তথাপিও ভাৰতৰ দৰে বন্ধুত্বপূৰ্ণ দেশৰ জাহাজে কিছুমান বিশেষ চৰ্তত এই পথেৰে পাৰ হ’ব পাৰে। কিছুমান তেল টেংকাৰ আৰু গেছ ভৰ্তি জাহাজে এই পথেৰে ভাৰতত উপস্থিত হৈছে যদিও বহু জাহাজ এতিয়াও হৰমুজ জলদ্বীপত আবদ্ধ হৈ আছে, যাৰ বাবে খাৰুৱা তেল আৰু গেছৰ সংকট অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande