নেপালৰ নৱনিৰ্বাচিত সাংসদসকলৰ সংস্কৃত, মৈথিলি, ভোজপুৰী আৰু অৱধি ভাষাত শপত গ্ৰহণ
কাঠমাণ্ডু, ২৪ মাৰ্চ (হি.স.)। নেপালী সংসদৰ নিম্ন সদন প্ৰতিনিধি সদনলৈ নিৰ্বাচিত হোৱা ২৪ জন সাংসদে নিজৰ মাতৃভাষাত শপত গ্ৰহণ কৰিব। এই সাংসদসকলৰ একাংশই সংস্কৃত, মৈথিলি, ভোজপুৰী, অৱধি, মগহী, আৰু থাৰু ভাষাত শপত গ্ৰহণ কৰিব বুলি সংসদীয় সচিবালয়ক অৱগত কৰিছে
नेपाल के नवनियुक्त सांसद


কাঠমাণ্ডু, ২৪ মাৰ্চ (হি.স.)। নেপালী সংসদৰ নিম্ন সদন প্ৰতিনিধি সদনলৈ নিৰ্বাচিত হোৱা ২৪ জন সাংসদে নিজৰ মাতৃভাষাত শপত গ্ৰহণ কৰিব। এই সাংসদসকলৰ একাংশই সংস্কৃত, মৈথিলি, ভোজপুৰী, অৱধি, মগহী, আৰু থাৰু ভাষাত শপত গ্ৰহণ কৰিব বুলি সংসদীয় সচিবালয়ক অৱগত কৰিছে।

নেপালৰ সংসদীয় সচিবালয়ৰ মতে, ২৬ মাৰ্চৰ বিয়লি ২ বজাত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত নৱনিৰ্বাচিত সাংসদসকলে নিজ নিজ ভাষাত শপত গ্ৰহণ কৰিব।

ফেডাৰেল সংসদৰ সচিবালয়ে নিজৰ মাতৃভাষাত শপত ল’ব বিচৰা সাংসদসকলক তিনিদিন আগতেই জাননী দিবলৈ কৈছিল। সংসদীয় সচিবালয়ৰ মুখপাত্ৰ এক্ৰাম গিৰীয়ে জনোৱা মতে, মাতৃভাষাত শপত গ্ৰহণ কৰা সাংসদৰ সংখ্যা ২৪ জন হৈছেগৈ । তেওঁলোকে মুঠ ১১টা ভিন্ন মাতৃভাষা বাছি লৈছে।

উল্লেখ্য় যে ২৫ মাৰ্চত ৰাষ্ট্ৰপতি ভৱনত প্ৰ’টেম অধ্যক্ষৰ শপত গ্ৰহণৰ পিছত ২৬ মাৰ্চত সংসদ ভৱনত বাকী থকা সদস্যসকলৰ শপত গ্ৰহণ কৰা হ’ব, য’ত এই ২৪ জন সাংসদে নিজৰ মাতৃভাষাত শপত গ্ৰহণ কৰিব।

মাতৃভাষাত শপত লোৱা সাংসদসকলঃ

১/ সংস্কৃতঃ খুছবু অলি

২.মৈথিলিঃ উজ্জ্বল কুমাৰ ঝা, দীপক কুমাৰ সাহ (মহোতৰী), দীপক কুমাৰ সাহ (সুনছাৰী), প্ৰমোদ কুমাৰ মহতো, মাত্ৰিকা যাদৱ, সীতাৰাম সাহ

৩/ ভোজপুৰী: কানহাইয়া বনিয়া

৪/ মগহী: যোগ কুমাৰ যাদৱ

৫) অৱধিঃ মহম্মদ ইষ্টিয়াক ৰায়

৬) থাৰুঃ গীতা চৌধুৰী, প্ৰমিলা কুমাৰী গছদাৰ

৭) ৰাণা: থাৰু: কৃপা ৰাম ৰাণা

৮) তামাং: পৰশুৰাম তামাং

৯) নেৱাৰীঃ অনুষ্কা শ্ৰেষ্ঠ, কৃষ্ণ ভক্ত শাক্যগংগা, লক্ষ্মী আৱালমদন, কৃষ্ণ শ্ৰেষ্ঠ, ৰাকেশ ৰঞ্জিত্বীৰাজ, ভক্ত শ্ৰেষ্ঠ

১০) ডোতেলীঃ অৃতি অৱস্থী, দীপক ৰাজ বহৰা, হৰিনা দেৱী কামি

১১) বন্তৱাঃ ধ্ৰুৱৰাজ ৰায়

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande