
বগোটা (কলম্বিয়া), ২৪ মাৰ্চ (হি.স.)। দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াত সামৰিক বিমান দুৰ্ঘটনাত কমেও ৬৬ জন লোকৰ মৃত্যু হোৱা বুলি কলম্বিয়াৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বীয়ে প্ৰকাশ কৰিছে। কলম্বিয়াৰ বায়ুসেনাৰ অধিনায়ক ফাৰ্নাণ্ডো ছিলভাই এক্স-প’ষ্টত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কয় যে লকহিড মাৰ্টিন হাৰকিউলিছ চি-১৩০ বিমানখনত ১১৪ জন যাত্ৰী আৰু ১১ জন ক্ৰু সদস্য আছিল। দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত আছে। প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰ’ আনুলফ’ ছানচেজে শোক প্ৰকাশ কৰে।
এই তথ্য স্কাই নিউজে প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰ’ আনুলফো ছানচেজে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি চৰকাৰী তথ্য লাভ নোহোৱালৈকে জল্পনা-কল্পনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। খবৰ অনুসৰি কলম্বিয়াই ১৯৬০ চনৰ পৰাই চি-১৩০ বিমান ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে।
ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই তেওঁৰ সামৰিক বাহিনীক আধুনিকীকৰণৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰাসকলক সমালোচনা কৰে। ছিনহুয়াত পেট্ৰ’ই কয় যে মই আৰু পলম সহ্য নকৰো।আমাৰ যুৱক-যুৱতীসকলৰ জীৱন বাজিত পৰিছে। যদিহে অসামৰিক বা সামৰিক বিষয়াসকলে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নোৱাৰে তেন্তে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰিব লাগিব।’
বিষয়াসকলে জনোৱা মতে, পেৰুৰ সীমান্তত অৱস্থিত কলম্বিয়াৰ দক্ষিণ আমাজন অঞ্চলৰ অভ্যন্তৰীণ অঞ্চলৰ এটা বিমানবন্দৰৰ পৰা বিমানখন উৰা মাৰিছিল। স্থানীয় ব্লু ৰেডিঅ’ৰ মতে, ব্যস্ত নগৰ কেন্দ্ৰৰ পৰা মাত্ৰ দুমাইলৰ পৰা এই দুৰ্ঘটনা সংঘটিত হয়। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে ঘন বৰ্ষাৰণ্যৰ ওপৰেৰে উৰি গৈছিল।
এই বিমানখন বিশ্বৰ সেনাই ব্যৱহাৰ কৰে। ১৯৫০ চনত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল। ১৯৬০ চনৰ শেষৰ ফালে কলম্বিয়াই ইয়াৰ প্ৰথম সংস্কৰণ লাভ কৰে। যোৱা মাহত বলিভিয়াৰ বায়ুসেনাৰ চি-১৩০ বিমান আল্ট’ চহৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ২০ জন লোকৰ মৃত্যু হৈছিল। এই বছৰ কলম্বিয়াত দ্বিতীয়টো বিমান দুৰ্ঘটনা। জানুৱাৰী মাহত এখন সৰু যাত্ৰীবাহী বিমান দেশৰ উত্তৰ প্ৰান্তত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু বিমানখনত থকা ১৫ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া