বাংলাদেশত গ্ৰেপ্তাৰ প্ৰাক্তন সামৰিক বিষয়া মাছুদ উদ্দিন চৌধুৰী
ঢাকা, ২৪ মাৰ্চ (হি.স.)। বাংলাদেশৰ প্ৰাক্তন সামৰিক বিষয়া তথা ফেনী-৩ৰ প্ৰাক্তন সংসদ সদস্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) মাছুদ উদ্দিন চৌধুৰীক আজি পুৱা বাৰিধৰা অঞ্চলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সামৰিক সমৰ্থিত কেয়াৰটেকাৰ চৰকাৰৰ সময়ত তেওঁ আছিল এজন বি
फेनी-3 के पूर्व सांसद लेफ्टिनेंट जनरल (रिटायर्ड) मसूद उद्दीन चौधरी। फोटो- द डेली स्टार


ঢাকা, ২৪ মাৰ্চ (হি.স.)। বাংলাদেশৰ প্ৰাক্তন সামৰিক বিষয়া তথা ফেনী-৩ৰ প্ৰাক্তন সংসদ সদস্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) মাছুদ উদ্দিন চৌধুৰীক আজি পুৱা বাৰিধৰা অঞ্চলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সামৰিক সমৰ্থিত কেয়াৰটেকাৰ চৰকাৰৰ সময়ত তেওঁ আছিল এজন বিশিষ্ট ব্যক্তি। ঢাকা মহানগৰ আৰক্ষীৰ ডিটেক্টিভ ব্ৰাঞ্চ (ডি বি)ৰ মুৰব্বী ছফিকুল ইছলামে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি নিশ্চিত কৰিছে।

ডেইলী ষ্টাৰ কাকতে প্ৰকাশ কৰা অনুসৰি ইছলামে তেওঁৰ বিৰুদ্ধে কমেও চাৰিটা গোচৰত অভিযোগ উত্থাপন হোৱা বুলি উল্লেখ কৰিছে। তেওঁক বাৰিধৰা ডি অ’ এইচ এছৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । ২০০৭ চনৰ ১১ জানুৱাৰীত দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত মাছুদ উদ্দিন ছাভাৰৰ নৱম পদাতিক বিভাগৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জি অ’ চি) আছিল বুলি জানিব পৰা গৈছে।

গুৰুতৰ অপৰাধ আৰু দুৰ্নীতিৰ ৰাষ্ট্ৰীয় সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ কিছু সময়ৰ পিছতে ২০০৮ চনৰ ২ জুনত লেফটেনেণ্ট জেনেৰেল পদবীলৈ পদোন্নতি লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ত পদবী লাভ কৰে। এসপ্তাহ নৌহওঁতেই তেওঁক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ বদলি কৰা হয় আৰু ২০০৮ চনৰ ৮ জুনত কেনবেৰাত বাংলাদেশ উচ্চায়ুক্তত নিযুক্তি দিয়া হয়। তেওঁ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল জাতীয় পাৰ্টিৰ সৈতে।

তেওঁ হত্যাৰ গোচৰত ৱাৰেণ্টৰ সন্মুখীন হৈছিল আৰু তেওঁৰ বিৰুদ্ধে দুৰ্নীতি আৰু ধন সঞ্চয়ৰ অভিযোগো আছে। শেহতীয়াকৈ চি আই ডিয়ে তেওঁৰ বিৰুদ্ধে মুঠ প্ৰায় ১০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰো দাখিল কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande