
কাঠমাণ্ডু, ২৩ মাৰ্চ (হি.স.)। নেপালত ১৩৬ কোটি টকাৰো অধিক মূল্যৰ ক্ৰিপ্টোকাৰেন্সীৰ অবৈধ ব্যৱসায়ৰ অভিযোগত কাঠমাণ্ডুত এজন ভাৰতীয় নাগৰিককে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে অপৰাধ তদন্ত শাখাই।
কাঠমাণ্ডু আৰক্ষীৰ মুখপাত্ৰ এছ পি পৱন ভট্টৰাইয়ে জনোৱা মতে, প্ৰথমে দীপ্তী পোখাৰেল নামৰ এগৰাকী মহিলাক নগদ ১.৫৩ লাখ ₹ সহ গ্ৰেপ্তাৰ কৰা হৈছিল। এই ধনৰ তদন্তত এটা বৃহৎ ক্ৰিপ্টো ব্যৱসায়ৰ কথা পোহৰলৈ আহিছে। পোখাৰেলৰ জেৰাৰ পিছত সোমবাৰে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত ব্যক্তিকেইজনৰ ভিতৰত আছে ভাৰতীয় নাগৰিক প্ৰবেশ আলী আৰু বাংকে জিলাৰ নৰেশ ৰেউলে।
তদন্তৰ সময়ত তেওঁলোকৰ মোবাইল ফোনত এটা বাইনেন্স আইডি পোৱা গৈছিল, য’ত মুঠ ১.৩৬৮ মিলিয়ন ₹ৰ লেনদেন ৰেকৰ্ড কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, এই ক্ৰিপ্টো নেটৱৰ্ক নেপালৰ পৰা ভাৰত আৰু উপসাগৰীয় দেশসমূহলৈকে বিস্তৃত। ধৃত আটাইকেইজন অভিযুক্তক অধিক সোধা পোছাৰ বাবে কাঠমাণ্ডুৰ জিলা আৰক্ষী কমপ্লেক্সলৈ প্ৰেৰণ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া