
তেহৰাণ, ০২ মাৰ্চ (হি.স.)। ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে সৰ্বোচ্চ নেতা আলী খামেইনীৰ মৃত্যুৰ পিছত দেশবাসীক দিয়া প্ৰথম ভাষণত এক তীক্ষ্ণ সতৰ্কবাণী প্ৰদান কৰে। তেওঁ ইয়াক “মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা” বুলি অভিহিত কৰি কয় যে দায়ীসকলৰ প্ৰতিশোধ লোৱাটো ইৰাণৰ “বৈধ কৰ্তব্য আৰু অধিকাৰ”।
ৰাষ্ট্ৰক দিয়া প্ৰথম ভাষণত পেজেস্কিয়ানে কয় যে ইৰাণৰ সশস্ত্ৰ বাহিনীয়ে শত্ৰুৰ লক্ষ্যত “শক্তিশালী আক্ৰমণ” অব্যাহত ৰাখিব। তেওঁ খামেনেইক শ্বহীদ ঘোষণা কৰি দেশেও তেওঁৰ পদাংক অনুসৰণ কৰিব বুলি ব্যক্ত কৰে।
নতুন নেতৃত্ব পৰিষদৰ ঘোষণা
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে নিশ্চিত কৰে যে এখন “নতুন নেতৃত্ব পৰিষদ” - এই দায়িত্ব গ্ৰহণ কৰিছে, যিয়ে পৰিৱৰ্তনকালত শাসন ব্যৱস্থাৰ তদাৰক কৰিব। তেওঁ জনসাধাৰণক মছজিদ আৰু ৰাজপথত একত্ৰিত হৈ শত্ৰুৰ “ষড়যন্ত্ৰ” বিফল কৰিবলৈ আহ্বান জনায়।
ইফালে উপসাগৰীয় অঞ্চল আৰু ইৰাকৰ কুৰ্দিস্তানৰ কিছু অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত নতুনকৈ আক্ৰমণৰ কথা ঘোষণা কৰে ইৰাণে। ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুৰব্বী আলী লাৰিজানীয়ে কয় যে সশস্ত্ৰ বাহিনীয়ে আক্ৰমণৰ বাবে দায়ীসকলক এক “অবিস্মৰণীয় শিক্ষা” শিকাব।
উল্লেখযোগ্য যে ২০২৪ চনত পেজেস্কিয়ান সংস্কাৰবাদী প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া প্ৰথম ভাষণত তেওঁ জাতীয় ঐক্য আৰু বিশ্বৰ সৈতে গঠনমূলক আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেই সময়ত তেওঁ উল্লেখ কৰিছিল যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ বিচৰা নাই আৰু পশ্চিমীয়া দেশসমূহৰ সৈতে উত্তেজনা হ্ৰাস কৰিবলৈ সাজু।
কিন্তু প্ৰথম ভাষণত ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ স্থিতি সম্পূৰ্ণ প্ৰতিৰক্ষামূলক আৰু প্ৰতিশোধমূলক যেন দেখা গৈছিল। অঞ্চলটোত বৃদ্ধি পোৱা সামৰিক উত্তেজনা আৰু শীৰ্ষ নেতাৰ মৃত্যুৰ খবৰৰ মাজতে ইৰাণে স্পষ্টভাৱে ইংগিত দিছে যে ইৰানে প্ৰত্যাক্ৰমণমূলক ব্যৱস্থা গ্ৰহণৰ পৰা আঁতৰি নাযায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া