বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া
বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক কুখ্যাত ড্ৰাগছ মাফিয়া আশ্ৰাফুল ইছলাম।
বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া


বৰপেটা, ১৮ মাৰ্চ (হি.স.): বৰপেটা ৰোড আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া এটা। কালি বিয়লি বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি এক বিশেষ অভিযান চলাই বৰপেটা ৰোড পাইকাৰী পাচলি বজাৰৰ সমীপত তথা বৰপেটা ৰোড উৰণীয়া সেতুৰ তলত ১২টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ সৈতে আশ্ৰাফুল ইছলাম নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি বৰপেটা ৰোড আৰক্ষীয়ে ধৃত ড্ৰাগছ মাফিয়া আশ্ৰাফুল ইছলামক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande