
গুৱাহাটী, ১৬ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। অহা ৯ এপ্ৰিল বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচন। ইফালে ৪ মে’ত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব ৷
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে চি পি আই(এম) ৰ প্ৰাৰ্থী ঘোষণা । সোমবাৰে ভৱানীপুৰ-সৰভোগ আৰু গোৰেশ্বৰ এই দুটা সমষ্টিৰ বাবে চি পি আই (এম) প্ৰাৰ্থী ঘোষণা কৰে ।
অসমত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মর্চা চৰকাৰক ক্ষমতাচ্যুত কৰি এখন গণতান্ত্রিক আৰু ধর্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠাৰ বাবে চি পি আই(এম) - এ নীতিনিষ্ঠ অবস্থান গ্রহণ কৰি আহিছে ।
ইয়াৰ বাবে ধর্মনিৰপেক্ষ দলসমূহৰ ঐক্য আৰু আসন বুজাবুজি অত্যন্ত প্রয়োজনীয় । অসমত আগন্তুক বিধানসভা নির্বাচনৰ বাবে ইতিমধ্যে কংগ্রেছ, অসম জাতীয় পৰিষদ, চি পি আই(এম), এ পি এইচ এল চি আৰু চি পি আই (এম-এল) দলৰ মাজত আসন বুজাবুজি গঢ় লৈ উঠিছে । সেই অনুসৰি চি পি আই (এম) -এ সোমবাৰে দুখন বিধানসভা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে ।
২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা আসনৰ প্রার্থী হিচাপে মনোনীত কৰা হৈছে মনোৰঞ্জন তালুকদাৰক । ৪৪ নং গোৰেশ্বৰ সমষ্টিৰ প্রার্থী হ'ব অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক, চি পি আই(এম) নেতা বাপুৰাম বড়ো । অসমত এখন গণতান্ত্রিক আৰু ধর্মনিৰপেক্ষ চৰকাৰ গঠনৰ স্বাৰ্থত বিৰোধী দলৰ উমৈহতীয়া প্রার্থী, চি পি আই(এম) নেতা দুগৰাকীক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আগবাঢ়ি আহিবলৈ দলৰ অসম ৰাজ্যিক কমিটিয়ে ভোটাৰসকললৈ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া