

গুৱাহাটী, ১৭মাৰ্চ (হি.স.)। কেতিয়া নিৰ্মাণ হ'ব জুবিনক্ষেত্ৰ, আৰু কিমান দিনলৈ ৰ'দে বৰষুণে থাকিব প্ৰাণৰ শিল্পী গৰাকী। নিৰ্মাণ লেহেমীয়া হোৱাত ক্ষোভ প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ । ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টিৰ পাচতে তৎপৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে চৰকাৰে গঠন কৰা ১১ জনীয়া জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিয়ে।
ইতিমধ্যে আৰম্ভ হৈছে জুবিন ক্ষেত্ৰৰ চাৰিওকাষে দেৱাল নিৰ্মাণৰ কাম। কিছুদিন পূৰ্বে কেবিনেটে জুবিন ক্ষেত্ৰৰ আনুষ্ঠানিক দায়িত্ব সাংস্কৃতিক পৰিক্ৰমা বিভাগক অৰ্পণ কৰিছিল। চৰকাৰে আনুষ্ঠানিক ভাৱে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ১০ বিঘা মাটি সাংস্কৃতিক পৰিক্ৰমা বিভাগক আৱণ্টন দিয়াৰ পিছতে আজি ১১ জনীয়া জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটী উপস্থিত হয় জুবিন ক্ষেত্ৰত৷
গৰিমা শইকীয়া গাৰ্গৰ লগতে অনুৰাধা শৰ্মা পূজাৰী, পাৰ্থসাৰথি মহন্ত, প্ৰাঞ্জল শইকীয়া, সুদৰ্শন ঠাকুৰ,বীৰেন সিংহ, পুলক বেনাৰ্জীৰ লগতে প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত হৈ বুজ লয় জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ।
লোক-নিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তাৰ পৰা গৰিমা শইকীয়া গাৰ্গে সমগ্ৰ কাৰ্যব্যৱস্থাৰ প্ৰাককলন সন্দৰ্ভত বুজ লোৱাৰ লগতে ৰ'দ বৰষুণৰ পৰা যাতে উপহাৰ আৰু চাকি দিয়া স্থান সুৰক্ষিত কৰিব পাৰি তাৰ ব্যৱস্থা শীঘ্ৰে কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে কালি মানস ৰবীনে নিজাববীয়াকৈ টিনপাতৰ চালি দি হ'লেও উপহাৰ সমূহ সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে তাৎপৰ্যপূৰ্ণভাৱে ছমাহৰ অন্তত আজি পুৱাৰে পৰা তৎপৰ হৈ পৰিল লোকনিৰ্মাণ বিভাগ আৰু নিৰ্মাণ সমিতি।
হিন্দুস্থান সমাচাৰ / Narayan Kar