মুছলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী সমৰ্থকৰ বিকল্প চিন্তা কৰাৰ হুংকাৰ
মুছলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী সমৰ্থকৰ হুংকাৰ।
মুছলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী সমৰ্থকৰ বিকল্প চিন্তা কৰাৰ হুংকাৰ


বাক্সা, ১৭ মাৰ্চ (হি.স.): বাক্সাৰ মুছলপুৰত যোৱা কালি সোমবাৰে সন্ধিয়া ইউপিপিএলৰ প্ৰাৰ্থী সমৰ্থক সকলে তেওঁলোকৰ দাবী পূৰণ নকৰিলে বিকল্প চিন্তা কৰাৰ হুংকাৰ দিয়ে । ৪২ নং বাক্সা বিধানসভা (জনজাতি) সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হিতেশ বসুমতাৰীৰ মুছলপুৰস্থিত বাসগৃহত তেওঁৰে একাংশ সমৰ্থকে ইউপিপিএল দলক দিলে এই হুংকাৰ।যদিহে সমষ্টিটোত ইউপিপিএল দলৰ পৰা হিতেশ বসুমতাৰীয়ে প্ৰাৰ্থিত্ব লাভ নকৰে তেন্তে একাংশ সমৰ্থকে অহাকালিৰ ভিতৰত বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ব বুলি দলৰ শীৰ্ষ নেতৃত্বক হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনৰ পিছতে বিপিএফ দল ত্যাগ কৰি কেৱল নিৰ্বাচনত টিকট লাভ কৰাৰ স্বাৰ্থতেই হিতেশ বসুমতাৰীয়ে যোগদান কৰিছিল ইউপিপিএল দলত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande