বিজেপিত যোগদান কৰা প্ৰাক্তন বিধায়ক ভূপেন ৰায় প্ৰতিক্ৰিয়া
বিজেপিত যোগদান কৰা প্ৰাক্তন বিধায়ক ভূপেন ৰায় মন্তব্য।
বিজেপিত যোগদান কৰা প্ৰাক্তন বিধায়ক ভূপেন ৰায় প্ৰতিক্ৰিয়া


বঙাইগাঁও, ১৭ মাৰ্চ (হি.স.): আঞ্চলিক দল অসম গণ পৰিষদ (অগপ)ল এগৰাকী জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে দলত্যাগ কৰি কালি বিয়লি গুৱাহাটীত বিজেপিত যোগদান কৰাৰ পাছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বঙাইগাঁও জিলাৰ তুলুঙীয়াস্থিত নিজা বাসভৱনত সোমবাৰে সন্ধিয়া উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰি সংবাদ মাধ্যমৰ আগত আগবঢ়ায় কিছু মন্তব্য।

প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে কয় যে অগপ দলৰ প্ৰতি কোনো ক্ষোভৰ কাৰণে ত্যাগ কৰা নাই । অগপ ত্যাগ কৰোতে মোৰ দুখ থাকিল । দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে অভয়াপুৰী বিধান সভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত বুলিও মন্তব্য কৰে ভূপেন ৰায়ে । তেওঁৰ যোগদানত বিজেপিৰ বঙাইগাঁও জিলা সমিতিত কোনোধৰণৰ ক্ষোভৰ সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰি কয় যে দলটোৰ কৰ্মী সকলে কেৱল মনোভাৱহে ব্যক্ত কৰিছে। অভয়াপুৰী বিধান সভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ৭০ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে সদ্য অগপ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande