যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড
যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড।
যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড


যোৰহাট, ১৭ মাৰ্চ (হি.স.) : যোৰহাটত যোৱা কালি সোমবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জ্বলি ছাৰখাৰ হ'ল এটা বাসগৃহ।যোৰহাট ১ নং ৱাৰ্ডৰ সাধু দাস নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি গোসাই ঘৰৰ জ্বলোৱা চাকিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । জুইত জাহ যায় নগদ প্ৰায় ৫০ হাজাৰ টকাসহ ২ লাখৰো অধিক মুল্যৰ সা সম্পত্তি । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande