নগাঁৱত পথৰ দাঁতিত জ্বলি উঠিল এখন ইনভা বাহন
নগাঁৱত পথৰ দাঁতিতে জ্বলি উঠিল এখন ইনভা বাহন।
নগাঁৱত পথৰ দাঁতিত জ্বলি উঠিল এখন ইনভা বাহন


নগাঁও, ১৭ মাৰ্চ (হি.স.): নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পথৰ দাঁতিতে যোৱা কালি সোমবাৰে নিশা জ্বলি উঠিল এখন ইনভা বাহন।নগাঁৱৰ মহেশ চন্দ্ৰ দেৱগোস্বামী পথত জ্বলি উঠিল এখন ইনভা বাহন। অগ্নিকাণ্ড সংঘটিত হোৱা গাড়ীখনৰ নম্বৰ এএছ ০১ বিবি ৪৪৯৭ বুলি জনা গৈছে।

স্থানীয় লোকৰ সহযোগত গাড়ীখনত লগা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। যান্ত্ৰিক বিজুতিৰ ফলত এই অগ্নি কাণ্ডৰ সূত্ৰপাট হৈছে বুলি অনুমান কৰা হৈছে। কিছু পলমকৈ অগ্নি নিৰ্বাপক বাহিনী আহে যদিও ৰাইজে ইতিমধ্যে জুই নুমুৱাবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande