
নগাঁও, ১৬ মাৰ্চ (হি.স.)। প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰাক লৈ নগাঁৱত সৰৱ সাংসদ ৰকিবুল হুছেইন l
এ আই ইউ ডি এফ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে সাংসদ ৰকিবুল হুছেইনে l
নগাঁৱৰ চামগুৰি সমষ্টিৰ লৰিৰমুখৰ আমতলাত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল ইফতাৰ পাৰ্টী।
উক্ত ইফতাৰ পাৰ্টিত উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন আৰু কেইবাশতাধিক কংগ্ৰেছ কৰ্মী। এই সমূহীয়া ইফতাৰ পাৰ্টিত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ সাংসদ ৰকিবুল হুছেইনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
অসমৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নামত থকা বৰপেটা জিলা চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি কৰাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু