নলবাৰীৰ পূৱ তন্ত্ৰশংকৰাত নিচাসক্ত ককায়েকক হত্য়া ভাতৃৰ
নলবাৰী, ১৬ মাৰ্চ (হি.স.)। নলবাৰীৰ পূৱ তন্ত্ৰশংকৰাত ভাতৃৰ হাতত প্ৰাণ গ’ল ককায়েকৰ৷ কালি নিশা নলবাৰীৰ পূৱ তন্ত্ৰশংকৰা গাৱৰ থানেশ্বৰ হালৈ আৰু কল্পনা হালৈৰ কনিষ্ঠ পুত্ৰ হৰজ্যোতি হালৈয়ে তেওঁৰ জ্যেষ্ঠ ভাতৃ হিৰকজ্যোতি হালৈক চুৰিৰে উপৰ্যুপৰি হানি হত্যা কৰে৷
নলবাৰীৰ পূৱ তন্ত্ৰশংকৰাত নিচাসক্ত ককায়েকক হত্য়া ভাতৃৰ


নলবাৰী, ১৬ মাৰ্চ (হি.স.)। নলবাৰীৰ পূৱ তন্ত্ৰশংকৰাত ভাতৃৰ হাতত প্ৰাণ গ’ল ককায়েকৰ৷ কালি নিশা নলবাৰীৰ পূৱ তন্ত্ৰশংকৰা গাৱৰ থানেশ্বৰ হালৈ আৰু কল্পনা হালৈৰ কনিষ্ঠ পুত্ৰ হৰজ্যোতি হালৈয়ে তেওঁৰ জ্যেষ্ঠ ভাতৃ হিৰকজ্যোতি হালৈক চুৰিৰে উপৰ্যুপৰি হানি হত্যা কৰে৷ উল্লেখযোগ্য যে ভাতৃৰ হাতত মৃত্যু হোৱা হিৰকে বিগত প্ৰায় ৭/৮ বছৰ ধৰি মাদক দ্ৰব্য সেৱন কৰি পিতৃ মাতৃক শাৰীৰিক অত্যাচাৰ কৰি আহিছিল৷

যোৱা নিশাও হিৰক জ্যোতি হালৈয়ে পিতৃ মাতৃক পুৰ্বৰ দৰে শাৰীৰিক ভাবে প্ৰহাৰ কৰাত হৰজ্যোতিয়ে খঙত অগ্নিশৰ্মা হৈ জ্যেষ্ঠ ভাতৃক চুৰিৰে হানিখুচি হত্যা কৰাৰ অভিযোগ কৰে৷ বৰ্তমান নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হৰজ্যোতি হালৈক৷ ইপিনে হিৰকজ্যোতিৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গত ৰখা হৈছে৷ ইতিমধ্যে উক্ত ঘটনাই সমগ্ৰ নলবাৰী জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande