নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তি অঞ্চলত বন্দুক,চোকা অস্ত্ৰ উদ্ধাৰ
নগাঁও, ১৬ মাৰ্চ (হি.স.)। নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পহিলা দিনটোতে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তি অঞ্চলত চাঞ্চল্যকৰ ঘটনা । নগাঁও কাৰ্বি আংলং সীমান্তৰ বনাঞ্চল পানীমৰা পাহাৰত উদ্ধাৰ বন্দুক,চোকা অস্ত্ৰ। পানী মৰা পাহাৰত অবৈধ ভাৱে জনৈক বে নামৰ ব্যক্তি
নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তি অঞ্চলত বন্দুক,চোকা অস্ত্ৰ উদ্ধাৰ


নগাঁও, ১৬ মাৰ্চ (হি.স.)। নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পহিলা দিনটোতে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তি অঞ্চলত চাঞ্চল্যকৰ ঘটনা । নগাঁও কাৰ্বি আংলং সীমান্তৰ বনাঞ্চল পানীমৰা পাহাৰত উদ্ধাৰ বন্দুক,চোকা অস্ত্ৰ। পানী মৰা পাহাৰত অবৈধ ভাৱে জনৈক বে নামৰ ব্যক্তি জনৰ নেতৃত্বত চলিছে বন ধ্বংসযজ্ঞ। বৃহৎ গছৰ কুণ্ডা সমূহ বনাঞ্চলতে ফালি সৰু সৰু টুকুৰা কৰি চাইকেল আৰু সৰু সৰু বাহনেৰে গোলাঘাট আৰু মেঘালয়লৈ চোৰাং ভাবে প্ৰেৰণ কৰে।

পানীমৰা পাহাৰত এইদৰে কাটি তহিলং কৰিছে মূল্যবান গছ। পাৰ্কুপ বনাঞ্চলিক বন বিষয়াই অভিযান চলাই বন্দুক সহ আটক কৰিছে এজন লোকক। জব্দ কৰিছে কেইবা খনো দা সহ গছ কটা যন্ত্ৰ আৰু বন্দুক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande