দেৱব্ৰত দাসলৈ ‘কড়ি খেলাৰ সাধু’ শীৰ্ষক উপন্যাসৰ বাবে ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা
বড়ো ভাষাত ছাহাইচুলি ব্ৰহ্মলৈ সাহিত্য অকাডেমি গুৱাহাটী, ১৬ মাৰ্চ (হি.স.)। ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা। ‘কড়ি খেলাৰ সাধু’ শীৰ্ষক উপন্যাসৰ বাবে দেৱব্ৰত দাসলৈ অসমীয়া ভাষাত ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। ''হিয়াৰ পখিলাবোৰ'' শীৰ্ষক লেখাৰে জ
দেৱব্ৰত দাসলৈ ‘কড়ি খেলাৰ সাধু’ শীৰ্ষক উপন্যাসৰ বাবে ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা


বড়ো ভাষাত ছাহাইচুলি ব্ৰহ্মলৈ সাহিত্য অকাডেমি

গুৱাহাটী, ১৬ মাৰ্চ (হি.স.)। ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা। ‘কড়ি খেলাৰ সাধু’ শীৰ্ষক উপন্যাসৰ বাবে দেৱব্ৰত দাসলৈ অসমীয়া ভাষাত ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। 'হিয়াৰ পখিলাবোৰ' শীৰ্ষক লেখাৰে জনপ্ৰিয়তা অৰ্জন কৰা দেৱব্ৰত দাস এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক। ১৯৮১ চনত দাসৰ প্ৰথমখন গল্প-সংকলন ‘অৰ্পিতাৰ এৰাতি’ প্ৰকাশ পায়। শিক্ষাসূত্ৰে এগৰাকী অভিযন্তা দেৱব্ৰত দাস কৰ্মসূত্ৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী বিষয়া আছিল। ১৯৫০ চনৰ ৩ জানুৱাৰী তাৰিখে গুৱাহাটীত দেৱব্ৰত দাসৰ জন্ম হয়।

দেৱব্ৰত দাসৰ গল্প-সংকলন সমূহ ক্ৰমশ অৰ্পিতাৰ এৰাতি (১৯৮১), হয়তোবা ভেশছন আৰু অন্যান্য গল্প (১৯৮৭), বিষয় মূলতঃ প্ৰেম (১৯৯৫), নিৰ্মালীৰ প্ৰেম (২০০২), দেৱব্ৰত দাসৰ নিৰ্বাচিত গল্প (২০০৭), ৰাতিপুৱালৈ (২০১১), ৰাজহাঁহৰ গান (২০২২)। আনহাতে, উপন্যাসসমূহ হ'ল ক্ৰমে গধূলিৰপৰা গধূলিলৈ (১৯৮৩), মধ্যান্তৰ (১৯৯৩), পুতলা নাচৰ সাধু (১৯৯৫), ধূসৰতাৰ কাব্য (২০০৫), কড়ি খেলাৰ সাধু (২০২২)। উপন্যাসিকা সংকলনসমূহ- মৃগয়া, নিঠুৰ মৃগয়া (১৯৯৩), গান, গোলাপ আৰু কাঁইটৰ কথা (১৯৯৩), দূৰলৈ নেযাবা কাবেৰী (১৯৯৩), দুৱাৰদলিৰ সময় (১৯৯৩), সপোনৰ দৰে দিঠকৰ দৰে (১৯৯৫), বৰষাৰ প্ৰথম সুবাস (১৯৯৬), পূজাৰ অসুখ (২০০৯)।

প্ৰতি বছৰৰ দৰে এইবাৰো সাহিত্য অকাডেমিয়ে ২৪টা ভাষাত ২৪গৰাকী লেখকক প্ৰদান কৰিছে সাহিত্য অকাডেমি বঁটা । বাংলা ভাষাত 'শ্ৰেষ্ঠ কবিতা' শীৰ্ষক কাব্য সংকলনৰ বাবে প্ৰসূন বন্দোপাধ্যায়ক প্ৰদান কৰা হৈছে ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। আনহাতে, বড়ো ভাষাত 'ডোৱানগ্নিৱি লামা মোৱানছে গাথৱন ' শীৰ্ষক উপন্যাসৰ বাবে ছাহাইছুলি ব্ৰহ্মক প্ৰদান কৰা হৈছে ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা। ইংৰাজী ভাষাত 'ক্ৰিমশ্বন স্প্ৰিং' শীৰ্ষক উপন্যাসৰ বাবে নৱতেজ স্বৰ্ণক প্ৰদান কৰা হৈছে ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা। হিন্দী ভাষাত 'ভাতখাদাকী ' শীৰ্ষক কাব্য সংকলনৰ বাবে যোগেশ বৈদ্যক প্ৰদান কৰা হৈছে ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা।

উল্লেখযোগ্য যে, সাহিত্য অকাডেমি বঁটা বিজয়ীসকলক এটি তামৰ পদক, এখন অংগবস্ত্ৰ আৰু ১ লাখ টকাৰ নগদ ধন প্ৰদান কৰা হ'ব। অহা ৩১ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande