
নগাঁও, ১৬ মাৰ্চ (হি.স.)। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। জিলা খনৰ ড'চন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৫ ধিং, ৫৬ ৰূপহী, ৫৮ চামগুৰি সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ'ব। চৰকাৰী বালক উচ্চতৰ বিদ্যালয়ত ৫৯ বঢ়মপুৰ আৰু ৫৭ কলিয়াবৰ সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ'ব।
চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ৬০ নং নগাঁও বটদ্ৰৱা আৰু ৬১ নং ৰহা বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ'ব বুলি সোমবাৰে নগাঁও আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদমেলত এই তথ্য সদৰী কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলাখনত সৰ্বমুঠ ১৮৬৮ টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। য'ত মহিলাৰ দ্বাৰা পৰিচালিত ২০০ টা ভোট কেন্দ্ৰ থাকিব। এই নিৰ্বাচনত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত চিচিটিভি সংস্থাপন কৰা হ'ব বুলি আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে। নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২৮ টা টীম মোতায়ন কৰিব, য'ত ২৮০০ হাজাৰ আৰক্ষী আৰু অসামৰিক বাহিনীৰ লোকে নিৰাপত্তা দিব ভোটগ্ৰহণ কেন্দ্ৰ সমূহত। লগতে নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৬৪ টা ফ্লায়িংগ স্কুৱাটৰ দল গঠন কৰা হৈছে বুলি সংবাদমেলতে উল্লেখ কৰে আয়ুক্ত গৰাকীয়ে। সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া শেখৰণ ফুকন আৰু জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু