
বৰপেটা, ১৬ মাৰ্চ (হি.স.)। কলগাছিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিশাল বাইক ৰেলী। আব্দুল খালেক জিন্দাবাদ ধ্বনিৰে মুখৰিত আকাশ বতাহ। দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন আব্দুল খালেকৰ।
উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত আজি গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে আব্দুল খালেকে। উত্তৰ বৰপেটা হাইস্কুল খেলপথাৰৰ পৰা বাইক ৰেলী ওলিয়াই মন্দিয়া, জনীয়া, বামুনটাৰী হৈ কলগাছিয়া লৈ আহে বিশাল বাইক ৰেলী। প্ৰাক্তন সাংসদ আব্দুল খালেকে টিকট লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় এই বেলি ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছো, সেয়ে এই বেলি বিপুল ভোটত জয়ী হ'ম বুলি কয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু