
মানকাচৰ, ১৬ মাৰ্চ (হি.স.)। প্ৰথম বাৰৰ বাৱে টিকট লাভ কৰি উৎফল্লিত হোৱা মানকাচৰৰ কংগ্ৰেছ প্ৰাৰ্থী মহিবুৰ ৰহমান l প্ৰথমে ধন্যৱাদ জ্ঞাপন কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা সকলক। প্ৰথমবাৰৰ বাৱে কংগ্ৰেছ দলৰ টিকট লাভ কৰি গুৱাহাটীৰ পৰা মানকাচৰত প্ৰবেশ । মানকাচৰ বিধানসভাৰ অন্তৰ্গত দক্ষিণ শালমাৰাত বৃহত সংখ্যক দলীয় কৰ্মীয়ে আদৰনী জনোৱা পৰিলক্ষিত হয় ৷
মহিবুৰ ৰহমানে সাংবাদিকৰ সৈতে মতবিনিময়ৰ সময়ত বিগত ছমাহ ধৰি দলীয় কৰ্মীৰ সৈতে সমষ্টি টোত যথেষ্ট কষ্ট কৰিছে বুলি নিজৰ মনোভাৱ প্ৰকাশ কৰে। তেও যঠেষ্ট আশাবাদী যে সমষ্টিটোত বৃহৎ ভোটৰ ব্য়ৱধানত তেওক ৰাইজে জয়যুক্ত কৰাব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু