জুবিন ক্ষেত্ৰৰ দুৰৱস্থাক কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ সমালোচনা আছুৰ সভাপতি উৎপল শৰ্মাৰ
মৰিগাঁৱ, ১৬ মাৰ্চ (হি.স.)। জুবিন ক্ষেত্ৰৰ দুৰৱস্থাক কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ সমালোচনা আছুৰ সভাপতি উৎপল শৰ্মাৰ| হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতি বিজড়িত ‘জুবিন ক্ষেত্ৰ’ৰ নিৰ্মাণ কাৰ্যত হোৱা বিলম্ব আৰু বৰ্তমানৰ শোচনীয় অৱস্থাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ প
জুবিন ক্ষেত্ৰৰ দুৰৱস্থাক কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ সমালোচনা আছুৰ সভাপতি উৎপল শৰ্মাৰ


মৰিগাঁৱ, ১৬ মাৰ্চ (হি.স.)। জুবিন ক্ষেত্ৰৰ দুৰৱস্থাক কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ সমালোচনা আছুৰ সভাপতি উৎপল শৰ্মাৰ| হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতি বিজড়িত ‘জুবিন ক্ষেত্ৰ’ৰ নিৰ্মাণ কাৰ্যত হোৱা বিলম্ব আৰু বৰ্তমানৰ শোচনীয় অৱস্থাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা।

মৰিগাঁৱত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে শিল্পী গৰাকীৰ প্ৰয়াণৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছতো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যত কোনো স্থায়ী অগ্ৰগতি পৰিলক্ষিত হোৱা নাই, যিটো অসমৰ ৰাইজৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। উৎপল শৰ্মাই অভিযোগ কৰে যে চৰকাৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে যি নিৰ্মাণ সমিতি গঠন কৰি দিছিল, সেই সমিতিয়ে বৰ্তমানলৈকে কি কাম কৰিলে বা কি প্ৰস্তাৱ দাখিল কৰিলে সেই সম্পৰ্কে ৰাইজ সম্পূৰ্ণ অন্ধকাৰত। এজাক বৰষুণ দিলেই জুবিন ক্ষেত্ৰৰ শ্ৰদ্ধাঞ্জলি স্থলী পানীত ওপঙি থকাৰ দৃশ্যই চৰকাৰৰ বিফলতা আৰু অৱহেলাক উদঙাই দিছে বুলি তেওঁ অভিহিত কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande