
আহমেদাবাদ, ১১ মাৰ্চ (হি.স.)। আগন্তুক প্ৰ’ কাবাডী লীগ ছিজনৰ পূৰ্বে ৰনধীৰ সিং ছেহৰাৱাটক গুজৰাট জায়েন্টছৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে আদানী স্প’ৰ্টছলাইনে । ‘কাবডীৰ চাণক্য’ নামেৰে পৰিচিত ছেহৰাৱাটক লীগৰ অন্যতম অভিজ্ঞ প্ৰশিক্ষক হিচাপে গণ্য কৰা হয়। ২০১৪ চনত আৰম্ভ হোৱাৰ পৰাই তেওঁ প্ৰ’ কাবাডী লীগৰ সৈতে জড়িত হৈ আছে।তেওঁৰ নিৰ্দেশনাত দলসমূহে এবাৰ খিতাপ জয় কৰাৰ লগতে ছবাৰকৈ প্লে অফত প্ৰৱেশ কৰিছে। অৰ্জুন বঁটা বিজয়ী ছেহৰাৱাটৰ কাবাডীত বিস্তৃত অভিজ্ঞতা আছে। ভাৰতীয় ৰে’লৱে কাবাডী দলৰ প্ৰশিক্ষক হিচাপে তেওঁ পুৰুষ আৰু মহিলা দুয়োটা দলকে একাধিক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে।
খেলুৱৈ হিচাপেও ছেহৰাৱাটৰ এক বিখ্যাত কেৰিয়াৰ আছিল । ১৯৮৮ চনৰ এছিয়ান কাবাডী চেম্পিয়নশ্বিপ, ১৯৮৯ চনৰ দক্ষিণ এছিয়ান গেমছ, ১৯৯০ চনৰ এছিয়ান গেমছকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় জাতীয় কাবাডী দলক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯০ চনৰ এছিয়ান গেমছত ভাইচ অধিনায়ক হিচাপে স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় দলৰ অংশ আছিল তেওঁ।
নিযুক্তি সন্দৰ্ভত ৰণধীৰ সিং ছেহৰাৱাটে প্ৰ’ কাবাডী লীগলৈ ঘূৰি আহি আনন্দিত বুলি কয় আৰু এই সুযোগৰ বাবে আদানী স্প’ৰ্টছলাইনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে গুজৰাট জায়েণ্টছৰ যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ ভাল মিশ্ৰণ আছে, আৰু তেওঁ দলটোৰ সৈতে তেওঁলোকৰ খিতাপ জয়ৰ লক্ষ্যৰ দিশত কাম কৰিব।
আদানী স্প’ৰ্টছলাইনৰ মুখ্য ব্যৱসায়িক বিষয়া সঞ্জয় আদেছাৰাই কয় যে ৰণধীৰ সিং ছেহৰাৱটৰ দৰে অভিজ্ঞ প্ৰশিক্ষকৰ সংযোজন গুজৰাট জায়েন্টছৰ বাবে এক বৃহৎ সফলতা। তেওঁৰ অভিজ্ঞতা আৰু খেলখনৰ প্ৰতি গভীৰ বুজাবুজিয়ে দলটোক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ছেহৰাৱাটৰ নিযুক্তিৰ লগে লগে আদানী স্প’ৰ্টছলাইনে স্পষ্ট কৰি দিছে যে আগন্তুক প্ৰ’ কাবাডী লীগ ছিজনৰ বাবে গুজৰাট জায়েণ্টছক এক শক্তিশালী আৰু প্ৰতিযোগিতামূলক দল হিচাপে গঢ়ি তোলাত মনোনিৱেশ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া