চাউদাৰ্ণ ব্ৰেভৰ হেমাং বাদানী মুখ্য প্ৰশিক্ষক নিযুক্ত, ইয়ান বেলক সহায়ক হিচাপে নিযুক্তি
লণ্ডন, ১০ মাৰ্চ (হি.স.)। আগন্তুক ছিজনৰ বাবে ভাৰতীয় ক্ৰিকেটাৰ প্ৰাক্তন হেমাং বাদানীক পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন ইয়ান বেলক সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। এই নিযুক্তি দ্য হাণ্ড্ৰে
हेमंग बदानी


লণ্ডন, ১০ মাৰ্চ (হি.স.)। আগন্তুক ছিজনৰ বাবে ভাৰতীয় ক্ৰিকেটাৰ প্ৰাক্তন হেমাং বাদানীক পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন ইয়ান বেলক সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। এই নিযুক্তি দ্য হাণ্ড্ৰেড টুৰ্ণামেণ্টৰ আগন্তুক ছিজনৰ লগত খাপ খাই পৰিছে।

আমোদজনক কথাটো হ’ল, দিল্লী কেপিটেলছেও শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত হেমাং বদানীৰ সহকাৰী প্ৰশিক্ষক হিচাপে ইয়ান বেলক নিযুক্তি দিছে। দিল্লী কেপিটেলছৰ স্বত্বাধিকাৰী জিএমআৰ গ্ৰুপে যোৱা বছৰৰ জুলাই মাহত চাউদাৰ্ণ ব্ৰেভৰ ৪৯ শতাংশ অংশীদাৰিত্ব লাভ কৰিছিল।

হেমাং বদানীয়ে যোৱা ছিজনত দিল্লী কেপিটেলছৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ নিৰ্দেশনাত দলটোৱে ভাল আৰম্ভণি কৰিছিল যদিও প্লে অফৰ স্থান হেৰুৱাইছিল। ফ্ৰেঞ্চাইজি ক্ৰিকেটত বদনীৰ প্ৰশিক্ষকৰ বিস্তৃত অভিজ্ঞতা আছে। ছিয়াটল অৰ্কাছ (মেজৰ লীগ ক্ৰিকেট) আৰু ডুবাই কেপিটেলছ (ইণ্টাৰনেশ্যনেল লীগ টি-২০)কে ধৰি জিএমআৰ গ্ৰুপৰ অন্যান্য দলৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে।

ইয়ান বেলৰ ইংৰাজী পৰিস্থিতিৰ যথেষ্ট অভিজ্ঞতা আছে। ইয়াৰ পূৰ্বে তেওঁ ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ আৰু ইংলেণ্ড লায়ন্সৰ দলৰ সৈতে কাম কৰিছিল। ২০২৪ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত শ্ৰীলংকা টেষ্ট দলৰ বেটিং প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

২০২১ চনত উদ্বোধনী পুৰুষৰ দ্য হাণ্ড্ৰেড প্ৰতিযোগিতাত জয়লাভ কৰি ২০২৪ চনত ৰানাৰ্ছ আপ হিচাপে অন্ত পেলাইছিল চাউদাৰ্ণ ব্ৰেভে। কিন্তু যোৱা ছিজনত দলটোৰ প্ৰদৰ্শন দুৰ্বল আছিল, আধা মেচত পৰাস্ত হৈছিল আৰু নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব পৰা নাছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande