
মেলবৰ্ণ, ১০ মাৰ্চ (হি.স.)। অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক হোৱাইট বল শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। অল ৰাউণ্ডাৰ ছফী মলিনেক্সক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে উইকেটকীপাৰ বেটছমেন টাহলিয়া উইলছনক প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে।
শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে খেলা শৃংখলাৰ অংশ হিচাপে থকা লুচি হেমিল্টন আৰু নিকোলা কেৰীকো ধৰি ৰখা হৈছে। ভাৰতৰ বিৰুদ্ধে টি-২০ দলৰ অংশ হিচাপে থকা গ্ৰেচ হেৰিছ এইবাৰ দলত অন্তৰ্ভুক্ত হোৱা নাই।
লগতে, অল ৰাউণ্ডাৰ এনাবেল চাথাৰলেণ্ডক এই ভ্ৰমণৰ পৰা বাদ দিয়া হ’ব। নিৰ্বাচকসকলে জনোৱা মতে, বিগত ১২ মাহত অধিক ক্ৰিকেট খেলাৰ বাবে কামৰ বোজাৰ বাবে তেওঁক জিৰণি দিয়া হৈছে।
ৰাষ্ট্ৰীয় নিৰ্বাচক শ্বাউন ফ্লেগলাৰে কয় যে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত মলিনেক্সে দলটোৰ অধিনায়কত্ব অতি সুন্দৰভাৱে কৰিছিল আৰু এই ভ্ৰমণে তেওঁৰ নেতৃত্বক আৰু অধিক শক্তিশালী কৰিব। তেওঁ কয় যে মলিনেক্স পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে আৰু খেলাৰ সম্ভাৱনা আছে যদিও মেচৰ সময়ত তেওঁৰ ফিটনেছৰ মূল্যায়ন অব্যাহত থাকিব।
১৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই ভ্ৰমণ
অষ্ট্ৰেলিয়াৰ এই ভ্ৰমণ ১৯ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত হ’ব, য’ত তিনিখন টি-২০ আৰু তিনিখন এদিনীয়া খেল অনুষ্ঠিত হ’ব। ছেইণ্ট ভিনচেণ্ট আৰু ছেইণ্ট কিটছত অনুষ্ঠিত হ’ব এই মেচ। আই চি চি মহিলা চেম্পিয়নশ্বিপৰ অংশ হ’ব এই এদিনীয়া শৃংখলা।
নিৰ্বাচকসকলৰ মতে, আগন্তুক মহিলা টি-২০ বিশ্বকাপৰ পূৰ্বে দলটোৱে নিজৰ কৌশল চূড়ান্ত কৰাৰ এক উত্তম সুযোগ হ’ব এই শৃংখলা।
অষ্ট্ৰেলিয়া মহিলা দল (দল):
ডাৰ্চি ব্ৰাউন, নিকোলা কেৰী, এছলি গাৰ্ডনাৰ, কিম গাৰ্থ, লুচি হেমিল্টন, আলানা কিং, ফিবি লিচফিল্ড, টাহলিয়া মেকগ্ৰাথ, ছফী মলিনেক্স (অধিনায়ক), বেথ মুনি, এলিছ পেৰী, মেগান শ্বাট, জৰ্জিয়া ভল, জৰ্জিয়া ৱেৰহাম, টাহলিয়া উইলছন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া