(সংশোধিত) কাবুলকে ধৰি কেইবাটাও স্থানত পাকিস্তানৰ বিমান আক্ৰমণ; আফগানসকলে কেইবাটাও পাকিস্তানী চকী দখল কৰি জোৱানক হত্যা কৰাৰ দাবী
ইছলামাবাদ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তান আৰু আফগানিস্তানৰ মাজত দশক দশক ধৰি চলি অহা সীমা বিবাদ শুকুৰবাৰে বৃহৎ সামৰিক সংঘাতলৈ পৰিণত হয়। পাকিস্তানে আফগান তালিবানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰি কাবুল আৰু কান্দাৰত বোমা বৰ্ষণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া
পাকিস্তান-আফগানিস্তানৰ সামৰিক সংঘাত


ইছলামাবাদ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তান আৰু আফগানিস্তানৰ মাজত দশক দশক ধৰি চলি অহা সীমা বিবাদ শুকুৰবাৰে বৃহৎ সামৰিক সংঘাতলৈ পৰিণত হয়। পাকিস্তানে আফগান তালিবানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰি কাবুল আৰু কান্দাৰত বোমা বৰ্ষণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আফগানিস্তানে সীমান্ত আক্ৰমণ তীব্ৰতৰ কৰি বহু সংখ্যক পাকিস্তানী সৈনিকক হত্যা কৰা বুলি দাবী কৰে। দুয়োপক্ষৰ পৰা অব্যাহত আছে বোমা বৰ্ষণৰ ঘটনা ।

যোৱা সপ্তাহত পাকিস্তানে কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আফগানিস্তানে বৃহস্পতিবাৰে গভীৰ নিশা প্ৰত্য়াক্ৰমণ চলায় আৰু ডুৰাণ্ড লাইনৰ প্ৰায় ৫৫ জন পাকিস্তানী সৈনিকক হত্যা কৰাৰ লগতে কেইবাটাও পাকিস্তানী চকী দখল কৰা বুলি দাবী কৰে।

ইয়াৰ পিছতে শুকুৰবাৰে পুৱাই পাকিস্তানে আফগান তালিবানৰ বিৰুদ্ধে অপাৰেচন গাজাব-লিল-হক আৰম্ভ কৰে, কাবুল, কাণ্ডাহাৰ আৰু পাকটিয়াত থকা তালিবানৰ প্ৰতিৰক্ষা স্থানত বোমা বৰ্ষণ কৰে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে আফগান তালিবানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰি কয় যে পাকিস্তানৰ ধৈৰ্য্য এতিয়া শেষ হৈছে।

আফগানিস্তানৰ তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক্স-পোষ্টত কয় যে, ‘কাপুৰুষ পাকিস্তানী সেনাই কাবুল, কান্দাহাৰ আৰু পাকটিয়াৰ কিছুমান অঞ্চলত বিমান আক্ৰমণ চলাইছে যদিও কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই।

আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰাজায়ে পাকিস্তানৰ এই আক্ৰমণক গৰিহণা দিয়ে। তেওঁ এক্স-পোষ্টত লিখিছে, পাকিস্তানী বিমানে পুনৰবাৰ কাবুল, কান্দাৰ আৰু পাকতিয়াত বোমা বিস্ফোৰণ ঘটালে। আফগান জনসাধাৰণে সকলো পৰিস্থিতিত সম্পূৰ্ণ ঐক্যৰে নিজৰ প্ৰিয় গৃহভূমি ৰক্ষা কৰিব আৰু আগ্ৰাসনৰ প্ৰতি সাহসেৰে প্ৰত্য়ুত্তৰ জনাব। পাকিস্তানে হিংসা আৰু বোমা বৰ্ষণৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰে—এই সমস্যাবোৰ নিজৰ সৃষ্টি। কিন্তু ইয়াৰ নীতি সলনি কৰি আফগানিস্তানৰ সৈতে ভাল চুবুৰীয়া সম্পৰ্ক, সন্মান, আৰু সভ্য সম্পৰ্কৰ পথ বাছি ল’ব লাগিব।

আফগানিস্তানৰ ওলোটাই আক্ৰমণ

আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিৰ উদ্ধৃতিৰে টোলো নিউজে কয় যে সেনা প্ৰধান ফাচিহুদ্দিন ফিট্ৰাটৰ নিৰ্দেশত ডুৰাণ্ড লাইনৰ ওচৰৰ পাকিস্তানী সেনা চকীত আফগান বাহিনীয়ে কৰা প্ৰতিহত আক্ৰমণ বৃহস্পতিবাৰে পুৱা ১২ বজাত সমাপ্ত হয়। এই অভিযানত ৫৫ জন পাকিস্তানী জোৱান নিহত হয়। আফগান বাহিনীয়ে কেইবাটাও মৃতদেহ আৰু শ শ লঘু আৰু গধুৰ অস্ত্ৰ জব্দ কৰে, আৰু কেইবাজনো সৈনিকক জীৱিত অৱস্থাত বন্দী কৰে।

বিবৃতিটোত আৰু কোৱা হৈছে যে এই অভিযানৰ সময়ত আফগান বাহিনীয়ে ১৯টা পাকিস্তানী চেকপইণ্ট দখল কৰে। আফগান সৈনিকৰ ৮ জন জোৱান নিহত হোৱাৰ লগতে আহত হৈছে ১১ জন। ইফালে টৰখামৰ অস্থায়ী শৰণাৰ্থী শিবিৰত পাকিস্তানৰ বিমান আক্ৰমণত মহিলা আৰু শিশুসহ ১৩ জন লোক আহত হয়। শেহতীয়াকৈ পাকিস্তানে আফগান ভূখণ্ডত কৰা বিমান আক্ৰমণৰ প্ৰত্য়ুত্তৰ জনাই এই অভিযান চলোৱা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

যোৱা সপ্তাহত পাকিস্তানৰ বিমান আক্ৰমণ যোৱা সপ্তাহত পাকিস্তানে আফগানিস্তানৰ কেইবাটাও অঞ্চলত বিমান আক্ৰমণ চলাইছিল আৰু আফগান চৰকাৰে প্ৰকাশ কৰা অনুসৰি মহিলা আৰু শিশুকে ধৰি কমেও ১৮ জন লোকৰ মৃত্যু হৈছিল। অৱশ্যে পাকিস্তানে পাকিস্তান-আফগানিস্তান সীমান্তৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা বুলি দাবী কৰে। পাকিস্তানে শেহতীয়াকৈ পাকিস্তানত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ পিছত এই আক্ৰমণ সংঘটিত কৰা বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande