আমেৰিকাত অবৈধভাৱে বসবাস কৰা ১০০ জন নেপালী নাগৰিকক ঘূৰাই পঠোৱাৰ প্ৰস্তুতি
কাঠমাণ্ডু, ২৬ ফেব্ৰুৱাৰী (হি.স.)। আমেৰিকাত অবৈধভাৱে বাস কৰা ১০০ৰো অধিক নেপালী নাগৰিকক ঘূৰাই পঠোৱাৰ প্ৰস্তুতি চলি আছে। ৱাশ্বিংটন ডি চিত থকা নেপালী দূতাবাসে জড়িত ব্যক্তিসকলৰ নাগৰিকত্ব আৰু পৰিচয় পৰীক্ষা কৰিছে । দূতাবাসে জনোৱা মতে, আমেৰিকাৰ অভিবাসন
यूएस से डिपोर्ट किए गए नेपाली नागरिक विशेष विमान से काठमांडू लाया जाएगा


কাঠমাণ্ডু, ২৬ ফেব্ৰুৱাৰী (হি.স.)। আমেৰিকাত অবৈধভাৱে বাস কৰা ১০০ৰো অধিক নেপালী নাগৰিকক ঘূৰাই পঠোৱাৰ প্ৰস্তুতি চলি আছে। ৱাশ্বিংটন ডি চিত থকা নেপালী দূতাবাসে জড়িত ব্যক্তিসকলৰ নাগৰিকত্ব আৰু পৰিচয় পৰীক্ষা কৰিছে ।

দূতাবাসে জনোৱা মতে, আমেৰিকাৰ অভিবাসন বিষয়াসকলে তেওঁলোকক তৎক্ষণাত কাঠমাণ্ডুলৈ পঠোৱাৰ পৰিকল্পনা কৰিছিল যদিও কাৰিকৰী কাৰণত এই প্ৰক্ৰিয়াটো কিছুদিন পিছুৱাই গৈছে। তালিকাত থকা অধিকাংশ ব্যক্তিয়েই হৈছে মেক্সিকোৰ মাজেৰে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা যুৱক।

ৱাশ্বিংটন ডি চিৰ নেপালী দূতাবাসৰ এজন বিষয়াই কয় যে নাগৰিকৰ নথি-পত্ৰ পৰীক্ষা কৰাটো দূতাবাসৰ নিয়মীয়া দায়িত্ব। আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টৰ তালিকাৰ ভিত্তিত দূতাবাসে তেওঁলোকৰ নেপালী নাগৰিকত্ব পৰীক্ষা কৰি নথি-পত্ৰ ঘূৰাই দিয়ে। তেওঁ উল্লেখ কৰে যে যিসকলৰ নাগৰিকত্ব পৰীক্ষা কৰা হৈছে তেওঁলোকে এতিয়া নেপাললৈ উভতি যাব। যিহেতু বেছিভাগ অবৈধ অনুপ্ৰৱেশকাৰীৰ হাতত পাছপ’ৰ্ট নাথাকে, সেয়েহে একমুখী ভ্ৰমণৰ অনুমতি লাভ কৰাৰ পিছতহে তেওঁলোকক বিতাড়িত কৰিব লাগিব।

ড’নাল্ড ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকাল গ্ৰহণ কৰাৰ পিছৰে পৰা আমেৰিকাত ইমিগ্ৰেচন নীতি কটকটীয়া কৰা হৈছে। পৰিসংখ্যা অনুসৰি কেৱল জানুৱাৰী মাহত ৮০ জন নেপালী নাগৰিকক বিতাড়িত কৰা হৈছিল, আনহাতে ফেব্ৰুৱাৰী মাহলৈকে এই সংখ্যা ১০১ লৈ বৃদ্ধি পাইছিল । ট্ৰাম্প প্ৰশাসনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৮০০ৰো অধিক নেপালী নাগৰিকক বিতাড়িত কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande