
‘আখো কি গুস্তাখিয়া’ ছবিৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰা শনয়া কাপুৰ এতিয়া দ্বিতীয়খন ছবিত অভিষেক ঘটাবলৈ সাজু হৈছে। এইবাৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা আদৰ্শ গৌৰৱৰ সৈতে যুটী বান্ধিহৈছে। নিৰ্মাতাসকলে তেওঁলোকৰ আগন্তুক ছবি ‘তু য়া মে’ৰ টিজাৰ মুকলি কৰিছে। দুঃসাহসিক আৰু নাটকেৰে ভৰা এই ছাৰ্ভাইভেল থ্ৰিলাৰখন পৰিচালনা কৰিছে বেজয় নাম্বিয়াৰ আৰু প্ৰযোজক আনন্দ এল ৰায় আৰু বিনোদ ভানুশালিয়ে। টিজাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে।
টিজাৰৰ আৰম্ভণিতে শনয়া কাপুৰৰ চৰিত্ৰটোৱে চুইমিং পুলত জিৰণি লৈছে। তাৰ পিছত কাহিনীটোৱে কন্টেন্ট ক্ৰিয়েটৰৰ গ্লেমাৰাছ জগতখনত সোমাই পৰে। শনয়া আৰু আদৰ্শে ভিডিঅ’ কন্টেন্ট তৈয়াৰ কৰিবলৈ জংঘলৰ মাজলৈ যায়, য’ত তেওঁলোকৰ ৰোমান্টিক ভ্ৰমণে হঠাতে ভয়ংকৰ ৰূপ লয়।
জংঘলৰ গভীৰতম কুমিৰৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ কৰা সংগ্ৰামে ট্ৰেইলাৰটোক আৰু অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। প্ৰেম, ভয়, আৰু জীয়াই থকাৰ এক অনন্য মিশ্ৰণেৰে ‘টু য়া মে’ দৰ্শকক এক অনন্য চিনেমাৰ অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ভেলেণ্টাইন ডে’ৰ লগত সংগতি ৰাখি ১৩ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ছবিখন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া