
বক্স অফিচত পুনৰ আধিপত্য প্ৰমাণ কৰিলে ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ’ ছবি খনে। ২০২৫ চনৰ ৫ ডিচেম্বৰত মুক্তি পোৱা ছবিখনে ২০২৬ চনৰ নতুন বছৰতো সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। এমাহতকৈ অধিক সময় চিনেমা হলত চলি থকাৰ পিছতো ছবিখনৰ উপাৰ্জনৰ গতি লেহেমীয়া হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই, আৰু এতিয়া ই আন এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
পঞ্চম সপ্তাহতো গতি অব্যাহত
চাকনিল্কৰ তথ্য অনুসৰি মুক্তিৰ ৩৫ সংখ্যক দিনত ‘ধুৰন্ধৰ’ ছবি খনে ৪.২৫ কোটি টকা উপাৰ্জন কৰে যিটো ৩৪ দিনৰ উপাৰ্জনৰ সমান। ইয়াৰ ফলত ছবিখনৰ মুঠ ঘৰুৱা সংগ্ৰহ ₹৭৯০.২৫ কোটি হয়। প্ৰতিবেদন অনুসৰি কেৱল হিন্দী ভাষাত ছবিখনৰ সামগ্ৰিক দখল আছিল ১০.৮১ শতাংশ। তাৎপৰ্যপূৰ্ণভাৱে ছবিখনৰ পঞ্চম সপ্তাহৰ সংগ্ৰহই ₹৫০ কোটি অতিক্ৰম কৰিছে, যিটো বলীউডৰ যিকোনো ছবিৰ বাবে প্ৰথম।
‘ধুৰন্ধৰ’ছবিয়ে ইতিহাস সৃষ্টি কৰে। খবৰ অনুসৰি পঞ্চম সপ্তাহত প্ৰায় ৫১.২৫ কোটি ₹ উপাৰ্জন কৰি ‘ধুৰন্ধৰে’ সেই সময়ছোৱাৰ সৰ্বাধিক উপাৰ্জন কৰা বলীউড ছবিৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ছবিখনৰ জনপ্ৰিয়তা কেৱল ভাৰততে সীমাবদ্ধ নহয়; ই বিশ্বজুৰি আনুমানিক ১,২৩৩ কোটি টকা উপাৰ্জন কৰিছে। বক্স অফিচত ৰণবীৰ সিঙৰ ৰাজত্বক প্ৰত্যাহ্বান জনাই অহা ৯ জানুৱাৰীত মুক্তি পাব প্ৰভাসৰ ছবি ‘দ্য ৰাজা চাব’। কোনো ছবিয়ে ‘ধুৰন্ধৰ’ ঐতিহাসিক দৌৰ বন্ধ কৰিব পাৰে নেকি সেয়া চাবলৈ আগ্ৰহী হ’ব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia