
বিশ্বনাথ, ০৮ জানুৱাৰী (হি.স.): ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । নৱবৰ্ষক আদৰাৰ পাছত বৰ্তমান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি। বিশ্বনাথৰ জৰাবাৰী গাঁৱত উদ্যমী কৃষক সকল ব্যস্ত হৈ পৰিছে বিহুৰ বাবে গুৰ প্ৰস্তুত কৰাত ৷
উল্লেখ্য যে বিহুৰ বজাৰত জৰাবাৰীৰ গুৰৰ চাহিদা আছে ৷ বিহুৰ বজাৰত জৰাবাৰীৰ গুৰ বিচাৰি আহে গ্ৰাহক সকল। অঞ্চলটোত এশ বিঘাৰো অধিক ভুমিত গাঁওখনৰ কৃষক সকলে কৰিছে কুহিয়াৰ খেতি। এতিয়া এই কুহিয়াৰ পেৰি বিধে বিধে গুৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে কৃষকসকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ