বাক্সাৰ জালাহত নাথযোগীৰ উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদৰ দাবীত জোৰ সমদল
বাক্সাৰ জালাহত নাথযোগীৰ উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদৰ দাবীত জোৰ সমদল।
বাক্সাৰ জালাহত নাথযোগীৰ উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদৰ দাবীত জোৰ সমদল


বাক্সা, ০৮ জানুৱাৰী (হি.স.): বাক্সা জিলাৰ জালাহত যোৱা কালি বুধবাৰে সন্ধিয়া অসম প্ৰাদেশিক যোগী সন্মিলনী, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু বাক্সা জিলা যোগী সন্মিলনীৰ যৌথ উদ্যোগত অসমৰ খিলঞ্জীয়া নাথযোগী সকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা আৰু নাথযোগী উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীত এক জোৰ সমদল উলিওৱা হয়।

জিলাখনৰ জালাহস্থিত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ বাক্সা জিলা যোগী সন্মিলনীৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা জোৰ সমদলটি জালাহ চ'কৰ চাৰিআলি হৈ জালাহ গাঁৱ আৰু আলিগুৰিহৈ পুনৰ কাৰ্যালয়লৈ উভতি আহি কাৰ্যসূচী সামৰণি মৰা হয়। শতাধিক লোকে হাতে হাতে জোৰ লৈ সমদলত অংশগ্ৰহণ কৰি নাথযোগীক স্বায়ত্তশাসিত প্ৰদান কৰক, বিটিআৰত ভূমিৰ অধিকাৰ প্ৰদান কৰক, নাথযোগী জিন্দাবাদ, আমাৰ দাবী মানিবই লাগিব, উপগ্ৰহীয় স্বায়ত্বশাসন প্ৰদান কৰক আদি শ্লোগানেৰে সমগ্ৰ জালাহ আঞ্চল উত্তাল কৰি তোলা পৰিলক্ষিত হয়।

উল্লেখ্য যে চৰকাৰৰ সমৰ্থনত থাকি অতি শৃংখলিত ভাৱে এই জোৰ সমদলটি উলিওৱা দেখা যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande