
তেহৰাণ/ৱাশ্বিংটন, ০৮ জানুৱাৰী (হি.স.)। ইৰাণত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ১০ দিনীয়া প্ৰতিবাদৰ সৈতে মোকাবিলা কৰাটো ইছলামিক ৰিপাব্লিকৰ বাবে এক প্ৰত্যাহ্বান হৈয়েই আছে। সৰ্বোচ্চ নেতা আলী খামেনেইৰ বিৰুদ্ধে জনসাধাৰণে বিদ্ৰোহ কৰিছে। দক্ষিণ ইৰাণৰ এখন চহৰৰ নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে। ক’মৰ পিছত দ্বিতীয়খন পবিত্ৰ চহৰ মাছহাদৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে নমাই দিলে এখন ওখ আৰু বিশাল পতাকা। খোৰাছান প্ৰদেশৰ এগৰাকী ৰাজ্যপালৰ ঘৰত জুই লগাই দিয়ে । লোক সকলে খামেনেইৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। ইফালে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা বন্ধ নহ’লে ভয়াৱহ পৰিণতি হ’ব বুলি সকীয়াই দিছে আমেৰিকাই। এই ঘটনাৰ ভিডিঅ’ৰ আধাৰত ইৰাণ ইণ্টাৰনেশ্যনেলে বৰ্তমানৰ প্ৰতিবেদনত এনে কেইবাটাও ঘটনাৰ নথিভুক্ত কৰিছে।
দক্ষিণ ইৰাণৰ কাংগানত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা: এটা ভিডিঅ’ অনুসৰি বুধবাৰে সন্ধিয়া দক্ষিণ ইৰাণৰ বুশ্বেহৰ প্ৰদেশৰ কাংগানত প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত পোনপটীয়াকৈ গুলীচালনা কৰে। ইছলামিক ৰিপাব্লিকৰ পতাকা নমাই আনে মাছহাদৰ প্ৰতিবাদকাৰীয়ে। উত্তৰ-পূব ইৰাণৰ এখন পবিত্ৰ নগৰ হৈছে পমাছহাদ।
উত্তৰ-পূব চহৰত ৰাজ্যপালৰ কাৰ্যালয়ত অগ্নিসংযোগ: ইৰাণ ইণ্টাৰনেশ্যনেললৈ প্ৰেৰণ কৰা এক ভিডিঅ’ অনুসৰি বুধবাৰে সন্ধিয়া ইৰাণৰ উত্তৰ-পূবৰ উত্তৰ খোৰাছান প্ৰদেশৰ আছখানেহৰ মানেহ আৰু ছামালকানৰ গৱৰ্ণৰ কাৰ্যালয় ভৱন জুইৰ শিখাই আগুৰি ধৰা দেখা গৈছে। ইফালে ইৰাণৰ বেলুচ ৰাজনৈতিক গোট বেলুচিস্তান পিপলছ পাৰ্টিয়ে দক্ষিণ-পূব ইৰাণৰ চিস্তান আৰু বেলুচিস্তান প্ৰদেশৰ লোকসকলক দেশজোৰা প্ৰতিবাদ আৰু ধৰ্মঘটত যোগদান কৰিবলৈ আহ্বান জনায়। গোটটোৱে কয় যে, “দেশজোৰা প্ৰতিবাদ আৰু ধৰ্মঘটত সক্ৰিয় অংশগ্ৰহণ কোনো ৰাজনৈতিক বিকল্প নহয়, বৰঞ্চ স্বাধীনতা, ন্যায় আৰু মৰ্যাদাপূৰ্ণ জীৱন লাভৰ বাবে এক ঐতিহাসিক প্ৰয়োজনীয়তা।”
নিৰ্বাসিত ৰাজকুমাৰৰ প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান: পশ্চিম ইৰাণৰ প্ৰতিবাদকাৰীয়ে সৰ্বোচ্চ নেতাৰ বিৰুদ্ধে শ্লোগান দিয়ে। এটা ভিডিঅ’ অনুসৰি বুধবাৰে সন্ধিয়া ইৰাণৰ পশ্চিম ইলামত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদকাৰীয়ে “খামেনেই মুৰ্দাবাদ” ধ্বনি দিয়ে। ইফালে ইণ্টাৰনেট বন্ধ কৰাৰ ভাবুকিৰ মাজতে নিৰ্বাসিত ৰাজকুমাৰ পাহলৱীয়ে ইৰাণীসকলক প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তেওঁ এই বিদ্ৰোহৰ বাবে প্ৰতিজন ইৰাণীক কৃতজ্ঞতা প্ৰকাশ কৰে। বুধবাৰে ইনষ্টাগ্ৰামত পাহলৱীয়ে এটা ভিডিঅ’ বাৰ্তা পোষ্ট কৰি কয় যে, ‘আমাক খবৰ পাইছো যে শাসন ব্যৱস্থাই অতি ভয় খাইছে আৰু পুনৰবাৰ ইণ্টাৰনেট বন্ধ কৰাৰ চেষ্টা কৰিছে। তেওঁ লগতে কয়, জানি থওক যে আমাৰ যোগাযোগ বন্ধ নহ'ব। যদিও লাখ লাখ ষ্টাৰলিংক ডিভাইচ ইৰাণলৈ প্ৰেৰণ কৰিবলগীয়া হয়।
আমেৰিকাই অশান্তিৰ উচটনি দিয়াৰ অভিযোগ: ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে দেশখনত চলি থকা প্ৰতিবাদৰ ওপৰত আমেৰিকাৰ মন্তব্যক “হস্তক্ষেপ” আৰু “অশান্তিৰ উচটনি দিয়াৰ লক্ষ্যৰে” বুলি অভিহিত কৰিছে। বিবৃতিটোত কোৱা হৈছে যে ইৰাণ ইছলামিক ৰিপাব্লিকে সংবিধানৰ নীতি অনুসৰি শান্তিপূৰ্ণ প্ৰতিবাদক স্বীকৃতি দিয়ে। বিবৃতিটোত কোৱা হৈছে যে অৰ্থনৈতিক অসুবিধাৰ বাবে আমেৰিকা বহুলাংশে দায়ী।
পৰিস্থিতিৰ বাবে সকলোৱেই দায়ী: ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে বিষয়া আৰু শিক্ষাবিদসকলৰ সৈতে হোৱা বৈঠকত কয় যে বৰ্তমানৰ পৰিস্থিতিৰ বাবে সকলোৱেই দায়ী। তেওঁ উল্লেখ কৰে যে অশান্তিৰ সৃষ্টি কৰা ব্যৰ্থতাৰ বাবে তেওঁৰ প্ৰশাসন আৰু মজলিছ দুয়োটা দায়ী। তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰী বিবৃতিত সৰ্বোচ্চ নেতা আলী খামেনেইৰ ভূমিকাৰ কোনো উল্লেখ কৰা হোৱা নাছিল। এতিয়ালৈকে প্ৰতিবাদৰ ক্ষেত্ৰত একমাত্ৰ হস্তক্ষেপত খামেনেই কৰ্তৃপক্ষক নিয়ন্ত্ৰণ কটকটীয়া কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে খামেনেইক সামৰিক দুঃসাহসিকতাৰ জৰিয়তে দেশখন দেউলীয়া কৰা আৰু আঞ্চলিক প্ৰক্সি গোটসমূহক ধন আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰি প্ৰধান লক্ষ্য কৰি লৈছে।
হোৱাইট হাউছৰ সতৰ্কবাণীঃ বুধবাৰে হোৱাইট হাউছৰ এজন বিষয়াই কয় যে যদি ইৰাণে শান্তিপূৰ্ণ প্ৰতিবাদক বলপূৰ্বকভাৱে দমন কৰাৰ চেষ্টা কৰে তেন্তে সেয়া অতি ভয়াৱহ হ’ব। বিষয়াগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিছে যে যদি ইৰাণে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে তেন্তে ইয়াৰ পৰিণতি অতি ভয়াৱহ হ’ব। বিষয়াগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰপতিয়ে অপাৰেচন মিডনাইট হামাৰ জাৰি কৰিছে আৰু অপাৰেচন এবছলিউট ৰিজ’লভে প্ৰমাণ কৰিছে যে তেওঁ যি প্ৰচাৰ কৰে সেই কথা তেওঁ অনুশীলন কৰে। মন কৰিবলগীয়া যে যোৱা দহ দিনত সংঘৰ্ষত কমেও ৩৬ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ৩৪জন প্ৰতিবাদকাৰী আৰু দুজন নিৰাপত্তাৰক্ষী। দুহেজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া