ৰাজৌৰীৰ কল্লাৰ বনাঞ্চলত উদ্ধাৰ কৰা আই ই ডি নিৰাপদে নিষ্ক্ৰিয়
ৰাজৌৰী, ০৮ জানুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কল্লাৰ বনাঞ্চলত যৌথ ঘেৰাও আৰু তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে সন্দেহযুক্ত ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) উদ্ধাৰ কৰি নিৰাপদে নিষ্ক্ৰিয় কৰে। বৃহস্পতিবাৰে বিষয়াসকলে জনোৱা মতে,
ভাৰতীয় সেনা। ফাইল ফটো


ৰাজৌৰী, ০৮ জানুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কল্লাৰ বনাঞ্চলত যৌথ ঘেৰাও আৰু তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে সন্দেহযুক্ত ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) উদ্ধাৰ কৰি নিৰাপদে নিষ্ক্ৰিয় কৰে।

বৃহস্পতিবাৰে বিষয়াসকলে জনোৱা মতে, থান্নামণ্ডিৰ ড’ৰি মালৰ কল্লাৰ বনাঞ্চলত সন্দেহজনক কাৰ্যকলাপৰ তথ্যৰ পিছত বুধবাৰে সেনা আৰু আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰে। তেওঁলোকে জনোৱা মতে, তালাচী অভিযানৰ সময়ত কিছু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হয়, যিবোৰ নিৰাপত্তা বাহিনীয়ে ভালদৰে পৰীক্ষা কৰি প্ৰায় চাৰি কিলোগ্ৰাম ওজনৰ সন্দেহযুক্ত আই ই ডি বুলি চিনাক্ত কৰে।

পিছত নিয়ন্ত্ৰিত ব্যৱস্থা ব্যৱহাৰ কৰি আই ই ডি ধ্বংস কৰা বুলি জানিবলৈ দিয়ে। কিছু খালী গোলাও উদ্ধাৰ কৰি স্থানৰ পৰা জব্দ কৰা হয়। অঞ্চলটোত পুংখানুপুংখ তালাচী অব্যাহত থকাৰ লগতে অভিযান অব্যাহত থকা বুলি জানিবলৈ দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande