ৰহাত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ
ৰহাত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ।
ৰহাত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ


নগাঁও, ০৮ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ ৰহাত উদ্ধাৰ হোৱা মৃতদেহটিৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। ৰহাৰ নামগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো জাগীৰোডৰ অঞ্জন বৰদলৈৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে।

জানিব পৰা মতে এগৰাকী ফুটবল প্ৰশিক্ষক আছিল অঞ্জন বৰদলৈ। যোৱা সোমবাৰে ফুটবল প্ৰশিক্ষণৰ বাবে দুজন বন্ধুৰ সৈতে তিনিচুকীয়ালৈ বুলি ওলাই গৈছিল ঘৰৰ পৰা। কালি বিয়লি ৰহাত হঠাৎ এনেদৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে। শৰীৰত আঘাতৰ চিন স্পষ্ট হোৱাত এইয়া এক হত্যাকাণ্ড বুলি দাবী জনাই উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে ৰহা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে লগতে মৃতদেহটো উদ্ধাৰ হোৱা স্থানৰ স্থানীয় লোকক সোধ-পোছৰ বাবে তলব কৰিছে ৰহা আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande