
নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। এয়াৰ ইণ্ডিয়াৰ বৰ্তমানৰ মুৰব্বী কেম্পবেল উইলছনৰ ঠাইত নতুন মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) বিচাৰি টাটা গ্ৰুপে সন্ধান আৰম্ভ কৰিছে। ২০২৭ চনত উইলছনৰ কাৰ্যকাল শেষ হ’ব যদিও তাৰ পূৰ্বেও তেওঁক অপসাৰণ কৰা হ’ব পাৰে।
চৰকাৰী সূত্ৰই মঙলবাৰে জনোৱা মতে, যোৱা বছৰৰ জুন মাহত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিমান সংস্থাটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰা হৈছে। ফলস্বৰূপে টাটা গ্ৰুপে এতিয়া নতুন হাতৰ হাতত বাঘজৰী গতাই দিবলৈ বিচাৰিছে। ইফালে গ্ৰুপটোৱে নিজৰ সহযোগী কোম্পানী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বাবেও নতুন পৰিচালন সঞ্চালক (এম ডি) নিযুক্তি দিয়াৰ কথাও চিন্তা কৰিছে। বৰ্তমানৰ আলোক সিঙৰ কাৰ্যকাল ২০২৭ চনত শেষ হ’ব। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত হোৱা অস্থিৰতা আৰু বিমান সংস্থাটোৰ ব্যক্তিগতকৰণৰ পিছতো বিমান সংস্থাটোৰ দুৰ্বল আৰ্থিক অৱস্থাই ইয়াৰ প্ৰধান কাৰণ বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনে এই পদৰ বাবে কেইবাজনো অভিজ্ঞ বিমান সংস্থাৰ কাৰ্যবাহীৰ সৈতে আলোচনাত মিলিত হৈছে।
ইফালে এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ বিমান দুৰ্ঘটনাৰ চূড়ান্ত প্ৰতিবেদন জুনৰ আশে-পাশে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। সোমবাৰে টাটা হাউছত উপস্থিত হৈ নিৰ্ধাৰিত বৈঠকত অংশগ্ৰহণ কৰে উইলছন। ২০২২ চনৰ জুলাই মাহত এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) আৰু পৰিচালন সঞ্চালক (এম ডি) হিচাপে নিযুক্তি লাভ কৰা উইলছনে ২০২২ চনৰ জানুৱাৰী মাহত চৰকাৰৰ পৰা এয়াৰ ইণ্ডিয়াক অধিগ্ৰহণ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ