বি আই এছ মাৰ্ক বহু খণ্ডত বিশ্বাসৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে: প্ৰহ্লাদ যোশী
নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মঙলবাৰে উল্লেখ কৰে যে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ) মাৰ্ক বহু খণ্ডত আস্থাৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে ব
बीआईएस के 79वें स्थापना दिवस कार्यक्रम को संबोधित करते प्रल्हाद जोशी


बीआईएस के 79वें स्थापना दिवस कार्यक्रम को संबोधित करते प्रल्हाद जोशी


নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মঙলবাৰে উল্লেখ কৰে যে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ) মাৰ্ক বহু খণ্ডত আস্থাৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে বিআইএছ কেৱল এটা প্ৰতিষ্ঠান নহয়, বৰঞ্চ এক শক্তিশালী উত্তৰাধিকাৰ যিয়ে জাতিৰ যাত্ৰাক গঢ় দিছে।

নতুন দিল্লীৰ ভাৰত মণ্ডপামত ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত মন্ত্ৰী যোশীয়ে এই মন্তব্য কৰে। যোশীয়ে গুৰুত্ব আৰোপ কৰে যে গুণগত মান এটা দায়িত্ব আৰু প্ৰতিযোগিতামূলক সুবিধা দুয়োটা, মানদণ্ডই উৎকৃষ্টতা, গ্ৰাহক সুৰক্ষা, ব্যৱসায় কৰাত সহজতা, মেক ইন ইণ্ডিয়া, আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে মাপকাঠী হিচাপে কাম কৰে। যোশিয়ে কয় যে বিআইএছে গুণগত মান, বিশ্বাস, আৰু উৎকৃষ্টতাৰ উত্তৰাধিকাৰক উদযাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেড ইন ইণ্ডিয়াক জিৰ’ ডিফেক্ট, জিৰ’ ইফেক্ট, আৰু মেড ইন ইণ্ডিয়াৰ পৰা ট্ৰাষ্টেড বা ইণ্ডিয়া আৰু ট্ৰাষ্টেড বাই দ্য ৱৰ্ল্ডলৈ ৰূপান্তৰিত কৰাৰ সামূহিক প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande