
ভুৱনেশ্বৰ, ০৪ জানুৱাৰী (হি.স.)। ওড়িশাৰ ধেংকানাল জিলাৰ মটাংগা আৰক্ষী থানা এলেকাৰ অন্তৰ্গত অবৈধ শিলৰ কুৱেৰীত শনিবাৰে নিশা সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। এই ঘটনাই অবৈধ খনন আৰু অবৈধ বিস্ফোৰণক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
গোপালপুৰ গাঁৱৰ সমীপৰ এটা অবৈধ শিলৰ কুৱেৰীত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। হতাহতিৰ আশংকা কৰা হৈছে যদিও এই খবৰ লিখাৰ সময়লৈকে মৃত্যু বা আঘাতৰ কোনো আনুষ্ঠানিক নিশ্চয়তা লাভ কৰা হোৱা নাছিল। যোৱা নিশা গভীৰ নিশা ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো সুৰক্ষিত কৰে। মতাংগা আৰক্ষী থানাৰ সৈতে ওদাপাৰা মহকুমাধিপতি ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটো সম্পূৰ্ণৰূপে ছীল কৰি জনসাধাৰণৰ চলাচলত বাধা আৰোপ কৰা হৈছে।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে বিস্ফোৰণ সংঘটিত হোৱা শিলৰ কুৱেৰীত বৈধ ব্লাষ্টিং পাৰ্মিট নাছিল। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত ধেংকানাল জিলা খনি কাৰ্যালয়ে পট্টাধাৰীক বিস্ফোৰণৰ অনুমতি নথকাৰ বাবে খনিটো বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পিছতো খনিটোত নিয়ম উলংঘা কৰি বিস্ফোৰণ অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া