
নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। ভেনিজুৱেলাৰ শেহতীয়া পৰিঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা বুলি উল্লেখ কৰিছে। শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত ভাৰতীয় নাগৰিকলৈ পৰামৰ্শ জাৰি কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ভাৰতে ভেনিজুৱেলাৰ জনসাধাৰণৰ মংগল আৰু সুৰক্ষাৰ প্ৰতি সমৰ্থন পুনৰ দৃঢ় কৰিছে। আলোচনাৰ জৰিয়তে সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষক ভাৰতে আহ্বান জনাইছে। অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিব লাগিব।
মন্ত্ৰালয়ে পুনৰ কয় যে কাৰাকাছত থকা ভাৰতীয় দূতাবাস ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে যোগাযোগত আছে আৰু সকলো ধৰণৰ সহায় আগবঢ়াই যাব। উল্লেখযোগ্য যে শনিবাৰে আমেৰিকাই ভেনিজুৱেলা আক্ৰমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ আহিছিল। ভেনিজুৱেলা চৰকাৰে এক বিবৃতিত কয় যে দেশখনৰ তেল আৰু খনিজ মজুত জব্দ কৰিবলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া