
লক্ষীমপুৰ, ০৪ জানুৱাৰী (হি.স.): লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা আৰক্ষীয়ে নিচাজাতীয় পদাৰ্থৰ বিৰুদ্ধে পুনৰ লাভ কৰে সফলতা। ঢকুৱাখনা আৰক্ষীয়ে যোৱা কালি শনিবাৰে সন্ধিয়া দুজন ড্ৰাগছ পেডলাৰক ড্ৰাগছ সহ আটক কৰে
খবৰ অনুযায়ী ঢকুৱাখনা আৰক্ষীয়ে স্কুটী অহা ঢকুৱাখনা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈৰ নেতৃত্বত ৪.৯২ গ্ৰামসহ দুজন ড্ৰাগছ পেডলাৰক আটক কৰে। আটক কৰা ব্যক্তি দুজন সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বিশ্বজিত চুতীয়া সোণাৰি চাপৰি মিলন নগৰ আৰু কঠালগুৰি কেকুৰীৰ ৰাই পেগু বুলি পৰিচয় পোৱা গৈছে। সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহকাৰীদ্বয়ক আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ