বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত মিশ্ৰিত ব্যৱসায়
নতুন দিল্লী, ১৩ জানুৱাৰী (হি.স.)। বিশ্বৰ বজাৰসমূহে আজি ইতিবাচক সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰসমূহ শক্তিশালীভাৱে বন্ধ হৈছিল। আজি ডাউ জ’নছৰ ফ্যুচাৰেও লাভৰ সৈতে ব্যৱসায় কৰি আছে। পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত ইউৰোপৰ বজাৰসমূহ মিশ্
प्रतीकात्मक


নতুন দিল্লী, ১৩ জানুৱাৰী (হি.স.)। বিশ্বৰ বজাৰসমূহে আজি ইতিবাচক সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰসমূহ শক্তিশালীভাৱে বন্ধ হৈছিল। আজি ডাউ জ’নছৰ ফ্যুচাৰেও লাভৰ সৈতে ব্যৱসায় কৰি আছে। পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত ইউৰোপৰ বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। এছিয়াৰ বজাৰত আজি মিশ্ৰিত ব্যৱসায় দেখা গৈছে।

পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰখন আশাবাদী হৈ আছিল, যাৰ ফলত ৱাল ষ্ট্ৰীটৰ সূচকাংকত এক শক্তিশালী বন্ধৰ অধিবেশন ঘটিছিল। দিনটোৰ নিম্নতম স্তৰৰ পৰা প্ৰায় ৬০০ পইণ্ট বেছিকৈ বন্ধ হয় ডাউ জ’নছ। একেদৰে এছ এণ্ড পি ৫০০ সূচকাংকেও ৭ হাজাৰ পইণ্টৰ অতি ওচৰ চাপিবলৈ সক্ষম হয়। পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত ০.১৬ শতাংশ বৃদ্ধিৰে ৬,৯৭৭.৩১ পইণ্টত বন্ধ হয়। একেদৰে নাছডাকে পূৰ্বৰ অধিবেশনত ০.২৭ শতাংশ বৃদ্ধিৰে ২৩,৭৩৬.২২ পইণ্টত বন্ধ কৰে। বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য ০.০৫ শতাংশ বৃদ্ধিৰে ৪৯,৬১৬.৭২ পইণ্টত ব্য়ৱসায় কৰে ।

ইউৰোপৰ বজাৰসমূহত পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। এফ টি এছ ই সূচকাংক ০.১৬ শতাংশ বৃদ্ধিৰে ১০,১৪০.৭০ পইণ্টত বন্ধ হয়। একেদৰে ডিএএক্স সূচকাংক ১৪৩.৭০ পইণ্ট বা ০.৫৭ শতাংশ বৃদ্ধিৰে ২৫,৪০৫.৩৪ পইণ্টত বন্ধ হয়। আনহাতে, চিএচি সূচকাংক ০.০৪ শতাংশ হ্ৰাস পাই ৮,৩৫৮.৭৬ পইণ্টত বন্ধ হয়।

এছিয়াৰ বজাৰসমূহত আজি মিশ্ৰিত ব্যৱসায় দেখা গৈছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ছখন বজাৰত শক্তিৰ সৈতে সেউজীয়া বজাৰত ব্যৱসায় চলি থকাৰ বিপৰীতে তিনিখন বজাৰত হ্ৰাসৰ সৈতে ৰঙা চিনত ব্যৱসায় চলি আছে। গিফ্ট নিফটিৰ মূল্য ০.৩১ শতাংশ হ্ৰাস পাই ২৫,৭৮০ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে ছেট কম্পোজিট সূচকাংক ০.১৯ শতাংশ হ্ৰাসৰ সৈতে ১,২৩৯.৮৩ পইণ্টত ব্যৱসায় কৰা হৈছে, আৰু চাংহাই কম্পোজিট সূচকাংকৰ মূল্য ০.০৩ শতাংশ হ্ৰাসৰ সৈতে ৪,১৬৩.৮৪ পইণ্টত ব্যৱসায় কৰা হৈছে।

আনহাতে, ষ্ট্ৰেইটছ টাইমছ ইনডেক্স ০.৪৪ শতাংশ বৃদ্ধিৰে ৪,৭৮৭.৮৩ পইণ্টত ব্যৱসায় কৰি আছে। একেদৰে টাইৱান ওজনযুক্ত সূচকাংক ১৩৬.৪৫ পইণ্ট বা ০.৪৫ শতাংশ বৃদ্ধিৰে ৩০,৭০৩.৭৪ পইণ্টত ব্যৱসায় চলি আছে। আজি নিক্কেই ইনডেক্সে তীব্ৰ জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ১,৬৬৭.১১ পইণ্ট বা ৩.২১ শতাংশ জঁপিয়াই ৫৩,৬০৭ পইণ্টৰ স্তৰত উপনীত হৈছে।

একেদৰে হেং চেং সূচকাংক ২৯১.৫২ পইণ্ট বা ১.১০ শতাংশ বৃদ্ধিৰে ২৬,৯০০ পইণ্টৰ স্তৰত উপনীত হৈছে। ইয়াৰ উপৰিও জাকাৰ্টা কম্পোজিট সূচকাংক ০.৬৯ শতাংশ বৃদ্ধিৰে ৮,৯৪৬.২০ পইণ্টৰ স্তৰত আৰু কস্পি সূচকাংক ০.৫৪ শতাংশ বৃদ্ধিৰে ৪,৬৪৯.৫৯ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande