
ধেমাজি, ১১ জানুৱাৰী (হি.স.): ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাত লাগিছে বিলাসী গাড়ীৰ মেলা ৷ গুৱাহাটীৰ পৰা বেংকৰ বাবে গাড়ী ভাড়াত আনি অৰুণাচলৰ কেইবাখনো ঠাইত বিক্ৰী কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা কেইবাখনো বিলাসী গাড়ী জোনাই আৰক্ষী থানাত ৰখা হৈছে। এই বিলাসী গাড়ীসমূহ জোনাই আৰক্ষী থানাই অৰুণাচলৰ পূৱ চিয়াং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ কৰি লৈ আনিছে।
জানিব পৰামতে, গুৱাহাটী ভেটাপাৰা অঞ্চলৰ বাসিন্দা ৰূপজ্যোতি দাস নামৰ এজন ব্যক্তিয়ে নিজকে এইচএছবিচি (HSBC) বেংকৰ উত্তৰ পূব (NORTH EAST)ৰ ক্লাষ্টাৰ হেড বুলি পৰিচয় দি উত্তৰ পূৱৰ বেংকসমূহৰ বাবে কেইবাখনো শাখাৰ বাবে গাড়ীৰ প্ৰয়োজন আছে বুলি গুৱাহাটীৰ কেইবাজনো ব্যক্তিৰ পৰা মাহেকীয়া ভাড়াত লৈছিল। কিন্তু পিছত ৰূপজ্যোতি দাসে বেংকে গাড়ী সমূহ নিলাম (auction) কৰি বিক্ৰী কৰা হৈছে বুলি জানিবলৈ দি বিলাসী গাড়ী সমূহ অতি কম দামৰ অৰুণাচলৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি দিছিল। এই বিলাসী গাড়ীসমূহৰ ভিতৰত Scorpio N, Thar rox, Scorpio, Grand Vitara Bolero আদিকে ধৰি কেইবাখনো বিলাসী গাড়ীৰে ভৰি পৰিছে জোনাই আৰক্ষী থানাৰ চৌহদ৷
উল্লেখযোগ্য যে, ৰূপজ্যোতি দাস নামৰ ব্যক্তিজনৰ সৈতে গাড়ী ভাড়াত দিয়া স্বত্বাধিকাৰী সকলে কেইবাদিনো ধৰি যোগাযোগ কৰিও কোনো শুংসূত্ৰ নোপোৱাত প্ৰথমে গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিত পৰৱৰ্তী সময়ত জোনাই আৰক্ষী থানাক খবৰ দিয়াত জোনাই আৰক্ষীয়ে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অৰুনাচল প্ৰদেশৰ পাচীঘাটৰ পূৱ চিয়াং জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই আজি ৯খন বিলাসী গাড়ী সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হেৰুওৱা গাড়ীৰ স্বত্বাধিকাৰী সকলে জনোৱা মতে ৰূপজ্যোতি দাসে গুৱাহাটীৰ বিভিন্ন ব্যক্তিৰ পৰা বেংকটোৰ নামত প্ৰায় ২০০ৰো অধিক গাড়ী ভাড়াত আনি অৰুণাচলত বিক্ৰী কৰি দিয়া বুলি প্ৰকাশ কৰাৰ লগতে ঘটনাত এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ