
তামুলপুৰ, ১১ জানুৱাৰী (হি.স.): আগন্তুক ২৬ৰ বিধান সভা নিৰ্বাচনলৈ মাজত দুটা মাহ। সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ইউপিপিএল দলেও। প্ৰস্তুত কৰিছে ৰণনীতি। সমষ্টিয়ে সমষ্টিয়ে নতুনকৈ সমিতি গঠন কৰিছে।
ইতিমধ্যে বিটিচিৰ ১৫ টা ৰ প্ৰতিটো বিধানসভা সমষ্টি আৰু ব্লক প্ৰায়মাৰী আদি সমিতিসমূহ গঠন কৰা হৈছে ৷ ঠিক সেইদৰে যোৱা কালি বিয়লি তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৬ নং পৰিষদীয় সমষ্টিৰ দৰঙাজুলী ব্লক,প্ৰাইমাৰী আদি সমিতি গঠন কৰে। এই কথা সদৰী কৰে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে।ইয়াৰ পিছতে সংবাদ মাধ্যমৰ এক আছুতীয়া সাক্ষাৎকাৰত তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে কেইবাটাও ৰাজনৈতিক মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইউপিপিএল দলে ২৬ ৰ নিৰ্বাচনত বিটিচিৰ ১৫ টা সমষ্টিৰ আটাইকেইটাতে অৱতীৰ্ণ হ'ব। বিধায়ক গৰাকীয়ে কয় যে, হাগ্ৰামা মহিলাৰীয়ে যিবোৰ প্ৰতিশ্ৰুতি দি বিটিচিৰ ক্ষমতালৈ আহিছিল তাৰ এটাও পালন কৰিব পৰা নাই। ইউপিপিএলে ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিল তাৰ ১০০ ভিতৰত ১০০ য়ে কাম কৰিবলৈ চেষ্টা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ