মৰাণত নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন
মৰাণত নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন।
মৰাণত নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন


ডিব্ৰুগড়, ১১ জানুৱাৰী (হি.স.): ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ দেওধাই গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস বিৰাজ কৰিছে। যোৱা কালি শনিবাৰে বিয়লি জনবসতিপূৰ্ণ অঞ্চলত বাঘৰ আক্ৰমণত আহত হ’ল কিশোৰসহ দুজন লোক। আহত ব্যক্তি জন বিৰিঞ্চি ফুকন আৰু কিশোৰজনৰ নাম অভিজ্ঞান ঠাকুৰ বুলি জনা গৈছে।

জানিব পৰামতে, বিৰিঞ্চি ফুকন নামৰ ব্যক্তিজনে ঘৰৰ পাছফালে কামৰ বাবে যাওঁতেই জোপ লৈ থকা বাঘটোৱে অতৰ্কিতে আক্ৰমণ কৰে। আনহাতে, বাঘ ওলোৱাৰ খবৰ পাই দৰ্শকৰ সৈতে বাঘ চাবলৈ যাওঁতেই আক্ৰমণৰ বলি হয় কিশোৰ অভিজ্ঞান ঠাকুৰ। উল্লেখ্য যে, বিগত প্ৰায় এবছৰ ধৰি অঞ্চলটোত বাঘৰ সন্ত্ৰাস চলি আছে। ইয়াৰ পূৰ্বে বাঘৰ পোৱালি দেখা গৈছিল যদিও বৰ্তমান এই প্ৰকাণ্ড বাঘটোৱে গাঁৱৰ বাগিচাৰ চুকত অৱস্থান গ্ৰহণ কৰি আছে।

আনহাতে, বন বিভাগক খবৰ দিয়া হৈছে যদিও তেওঁলোকে বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ সলনি কেৱল খেদি পঠিয়াই দায়িত্ব সামৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বৰ্তমান ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ বাঘটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা চলাই আছে যদিও জনবসতিপূৰ্ণ এলেকাত বাঘটো লুকাই থকাৰ সন্দেহত ৰাইজ শংকিত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande