বজালী কেন্দুগুৰী মানস সংযোগী পথত পথ দুৰ্ঘটনাত নিহত ১
বজালী কেন্দুগুৰী মানাস সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
বজালী কেন্দুগুৰী মানস সংযোগী পথত পথ দুৰ্ঘটনাত নিহত ১


বৰপেটা, ১১ জানুৱাৰী (হি.স.): বজালী কেন্দুগুৰী মানাস সংযোগী পথত যোৱা কালি শনিবাৰে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।মটৰ চাইকেল আৰু পথচাৰিৰ মাজত হয় দুৰ্ঘটনাটো । এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰতৰভাৱে আহত হয়। এই ঘটনাত থিতাতে নিহত হয় উদয় পাটগিৰি নামৰ ৮০ বছৰীয়া বৃদ্ধ লোক জন।

ইফালে সংকটজনক অৱস্থাত মটৰ চাইকেল আৰোহী চম্পক তহবিলদাৰক পাঠশালা মদন ৰাউটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় । পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত কৰা বাহনখন খনৰ নম্বৰ এএছ ১৪ এছ ৯৫১৫ বুলি জনা গৈছে। ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande