
কাৰ্বি আংলং, ১১ জানুৱাৰী (হি.স.): কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ খেৰণি পথত যোৱা কালি শনিবাৰে সন্ধিয়া এক পথ দূৰ্ঘটনা সংঘটিত হয়।এই ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী যুৱক । আনহাতে দুৰ্ঘটনাটোত আহত হয় আন দুজন লোক।
পথ দূৰ্ঘটনাটোত নিহত যুৱক জনৰ নাম ৰাতুল ক্ৰ' (২৮) বুলি জনা গৈছে । তেওঁৰ ঘৰ লংনিট অঞ্চলত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে এএছ ০৯ জি ৭৮৬৭ নম্বৰৰ পালছাৰ বাইকেৰে ডিফুৰ পৰা মাঞ্জা অভিমুখে গৈ আছিল ৰাতুল । লগত আছিল আন দুজন আৰোহী । দুয়োগৰাকী গুৰুতৰ ভাৱে আহত দুগৰাকীক ডিএমচিএইচত ভৰ্তি কৰোৱা হৈছে । দূৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো তথ্য লাভ কৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ