গোলকগঞ্জৰ বিছনদৈত সংঘটিত মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা
গোলকগঞ্জৰ বিছনদৈত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা।
গোলকগঞ্জৰ বিছনদৈত সংঘটিত মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা


ধুবুৰী, ১১ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিছনদৈত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। নাবালিকাৰ সৈতে কু-কাণ্ড কৰি গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে আবেদুৰ ৰহমান নামৰ এজন যুৱক।

উল্লেখ্য যে কিছুদিন পূৰ্বে লম্পট আবেদুৰ ৰহমান আৰু তেওঁৰ সহযোগীয়ে এগৰাকী নাবালিকাক অপহৰণ কৰি নি কৰিছিল কু কাণ্ড। গোলকগঞ্জৰ আৰক্ষীয়ে 312/25 নম্বৰত ভাৰতীয় ন্যয় সংহিতাৰ U/S 87/12(2)/64/3(5) BNS R/W Sec 6 of POCSO act ত গোচৰ পঞ্জীয়ন কৰি লম্পট আবেদুৰ ৰহমানক যোৱা কালি শনিবাৰে বিয়লি গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande